ETV Bharat / state

কমিছনৰাজৰ বাতৰি প্ৰকাশৰ পিছতে গা-লৰিল বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ

author img

By

Published : Oct 22, 2020, 5:58 PM IST

সংবাদ মাধ্যমত বিনামূলীয়া ইউনিফৰ্মৰ নামত চলা কমিছনৰাজৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত গা-লৰিল বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ। সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দিলে বিহীত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি।

School Uniform scam at barpeta
কমিছনৰাজৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত গা-লৰিল বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ

জনীয়া,22 অক্টোবৰঃ বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া ইউনিফৰ্মৰ নামত একাংশ CRCC, প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিয়ে ব্যাপক কমিছনৰাজ চলাই অহাৰ অভিযোগ ৷ ইপিনে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত বাতৰি সংবাদ মাধ্যমত ধাৰাবাহিক ভাবে প্ৰচাৰ কৰাৰ পিছত অৱশেষত গা-লৰিল জিলা মিছন সমন্বয়ক তথা বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসৰ।

আজি শিক্ষা বিষয়া গৰাকী কলগাছিয়াত উপস্থিত হৈ শিক্ষাখণ্ডটোৰ অন্তৰ্গত বিদ্যালয় সমূহৰ প্ৰধান শিক্ষককলৈ কলগাছিয়া এম ই স্কুলত ইউনিফৰ্মৰ মানদণ্ড সম্পৰ্কে এখন সভা অনুষ্ঠিত কৰে। সভাৰ অন্তত সাংবাদিকৰে হোৱা সক্ষাৎকাৰত সংবাদ মাধ্যমত ইউনিফৰ্মৰ নামত চলা কমিছনৰাজৰ বাতৰি প্ৰকাশ কৰাৰ বাবে সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰি ইউনিফৰ্মৰ নামত কোনো পধ্যেই কমিচনৰাজ চলিব দিয়া নহ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। এই ক্ষেত্ৰত গিৰিশ এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে শিক্ষা বিষয়া গৰাকীয়ে।

লগতে পঢ়কঃ ৰাজ্যৰ শেহতীয়া ক’ভিড-19ৰ তথ্য ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.