ETV Bharat / state

গৰম বন্ধ খুলিল পিচে বন্ধ বিদ্যালয় !

author img

By

Published : Aug 1, 2019, 8:08 PM IST

গৰম বন্ধৰ পিছতে বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ বহু বিদ্যালয়ত আৰম্ভ কৰিব পৰা নাই পাঠদান , সাজু হৈ উঠা নাই বিদ্যালয়সমূহ ৷ এতিয়াও দুৰ্ভোগ ভুগি আছে বহু অঞ্চলৰ ৰাইজে ৷

বানপানীৰ বাবেই বহু বিদ্যালয়ত আৰম্ভ কৰিব পৰা নাই পাঠদান

বৰপেটা, 1 আগষ্টঃ সমগ্ৰ ৰাজ্যত বানপানীৰ তাণ্ডৱৰ পাছত বানপীড়িত অঞ্চলসমূহৰ অৱস্থা কিছু সুস্থিৰ হৈছে যদিও এতিয়াও দুৰ্ভোগ ভুগি থাকিব লগা হৈছে বহু অঞ্চলৰ ৰাইজে৷ ৰাজ্যৰ প্ৰায় সকলো বিদ্যালয়ত গৰম বন্ধৰ পিছতে বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান । কিন্তু বহু অঞ্চলত এতিয়াও সম্ভৱ হৈ উঠা নাই পাঠদান, সাজু হৈ উঠা নাই বিদ্যালয়সমূহ৷ কলগাছিয়াৰ ৬৬৭ নং খাটাকুছি প্ৰাথমিক বিদ্যালয় এতিয়াও জলমগ্ন ৷ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত হৈছিল যদিও শৈক্ষিক পৰিৱেশৰ অভাৱৰ বাবেই পাঠদান আৰম্ভ কৰিব নোৱাৰিলে ৷

বানপানীৰ বাবেই বহু বিদ্যালয়ত আৰম্ভ কৰিব পৰা নাই পাঠদান
অনুৰূপ ঘটনা হাইলাকান্দি জিলাতো ৷ বানপানীৰ বাবেই পাঠদান সম্ভৱপৰ নহ'ল হাইলাকান্দি জিলাৰ দুখন বিদ্যালয়ত। জিলাখনৰ হাইলাকান্দি শিক্ষা খণ্ডৰ অধীনৰ গোপাল ৰাম মধ্য ইংৰাজী বিদ্যালয় আৰু আঠালিপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত আজি সম্ভব নহ'ল পাঠদান। বিদ্যালয় দুখনৰ কাষত থকা দুটা বাসগৃহত কাইলৈৰ পৰা পাঠদান হব বুলি জনাইছে হাইলাকান্দিৰ প্ৰাথমিক শিক্ষা বিষয়া ইকবাল হুচেইনে। এইসকল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ এতিয়া চিন্তিত অভিভাৱকসকল।

Intro:slug: as_jania_1aug_school_under_water_spl_pkg_story_vis2+byt3+pho1_asc10058

জনীয়া, ০১ আগষ্ট: কলগাছিয়াৰ ৬৬৭ নং খাটাকুছি প্ৰাথমিক বিদ্যালয় এতিয়াও জলমগ্ন। শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ নামি আহিছে অন্ধকাৰ। জলমগ্ন হোৱাৰ বাবেই পৰিৱেশ গঢ়ি উঠা নাই পাঠদানৰ।Body:slug: as_jania_1aug_school_under_water_spl_pkg_story_vis2+byt3+pho1_asc10058

বানে বিধস্ত কৰিলে জনীয়া সমষ্টিৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত বহু শিক্ষানুষ্ঠান৷ গৰমৰ বন্ধ শেষ হৈ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল বিদ্যালয়ৰ পাঠদান। কিন্তু ছাত্ৰ-ছাত্ৰী আৰু ছাৰ-বাইদেউ বিদ্যালয়ত উপস্থিত হৈছিল যদিও কোনো শৈক্ষিক পৰিৱেশ নাই ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত কলগাছিয়াৰ ৬৬৭ নং খাটাকুছি প্ৰাথমিক বিদ্যালয়ত। বানে বিধস্ত কৰা এইখন বিদ্যালয়ৰ চাৰিওফালে এতিয়া কেৱল পানী আৰু পানী৷ পানীৰ বাবেই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়েত্ৰী উপস্থিত হোৱাৰ পিছতো পাঠদান কৰিব পৰা নাই। কিন্তু ইয়াতে প্ৰশ্ন হয় বিদ্যালয়খনত পঢ়া ছাত্ৰছাত্ৰী সকলোৰ ভৱিষ্যত এতিয়া কোন দিশে? কিয়নো বেঁকী নৈৰ বাঢ়নী পানী যদি ৰাতিপুৱা কমে, আবেলিৰ পৰা আকৌ বাঢ়ি বিদ্যালয়খন প্লাৱিত কৰে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ এতিয়া চিন্তিত অভিভাৱক। কিয়নো এই বিদ্যালয়খনত পাঠদান চলাবলৈ হলে বিকল্প চিন্তাৰ প্ৰয়োজন আছে। Conclusion:slug: as_jania_1aug_school_under_water_spl_pkg_story_vis2+byt3+pho1_asc10058

মন্তব্য: ছাত্ৰী, ৰান্ধনী আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.