ETV Bharat / state

৮ মে'লৈ বন্ধ থাকিব বৰপেটা জিলাৰ বিদ্যালয়ৰ পাঠদান

ক’ভিড-19ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপেক্ষিতত বৰপেটা জিলা প্ৰশাসনে বিদ্যালয় বন্ধৰ নিৰ্দেশনা জাৰী কৰিছে ৷ ৮ মে'লৈকে জিলাখনৰ বিদ্যালয় সমূহ বন্ধ থাকিব ৷ ছাত্ৰ-ছাত্ৰীৰ ক্ষতি নোহোৱাৰ বাবে অনলাইন পাঠ্যক্ৰম চলাই থাকিবলৈ আৰু নৱম শ্ৰেণীৰ পৰা উচ্চতৰ পৰ্যায়ৰ ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীক পাঠদানত অংশ লোৱাৰ অনুমতি দিয়া হৈছে ।

school of barpeta will closed due to covid etv bharat news
বৰপেটা জিলাৰ বিদ্যালয়সমূহ বন্ধৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ
author img

By

Published : Apr 26, 2021, 10:51 PM IST

বৰপেটা, 26 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বৰপেটাতো ভয়াৱহ ৰূপত সংক্ৰমিত হৈছে ক’ভিড-19 ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলা প্ৰশাসনে এক নিৰ্দেশনা যোগে বিদ্যালয় বন্ধৰ কথা ঘোষণা কৰে ৷ সোমবাৰৰ দিনটাত জিলাখনৰ ১১৮ জন লোক কʼভিড-19 ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

উল্লেখ্য যে, সোমবাৰে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ ৪১৮১ জন লোক ক’ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ১১৮ জনৰ দেহত ক’ভিড-19 ভাইৰাচৰ অৱস্থিতি ধৰা পৰে ৷ এনে পৰিপেক্ষিতত ৮ মে'লৈকে জিলাখনৰ বিদ্যালয় সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰে জিলা প্ৰশাসনে । অৱশ্যে ছাত্ৰ-ছাত্ৰীৰ ক্ষতি নোহোৱাৰ বাবে অনলাইন পাঠ্যক্ৰম চলাই থাকিবলৈ আৰু নৱম শ্ৰেণীৰ পৰা উচ্চতৰ পৰ্যায়ৰ ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীক পাঠদানত অংশ লোৱাৰ অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক :ক’ভিড ভেকচিন গ্ৰহণক লৈ খুমটাই আদৰ্শ চিকিৎসালয়ত হুলস্থুলীয়া পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.