জনীয়া, 16 ছেপ্তেম্বৰ: কলগাছিয়াত বান ক্ষতিগ্ৰস্ত হিতাধিকাৰীৰ তালিকাত বৃহৎ কেলেংকাৰীৰ অভিযোগ ৷ কেলেংকাৰী কলগাছিয়া ৰাজহ চক্ৰৰ লাট-মণ্ডল, গাওঁবুঢ়া জড়িত থকাৰ অভিযোগ ৰাইজৰ ৷ অভিযোগ অনুসৰি, হিতাধিকাৰী তালিকাত নাই প্ৰকৃত হিতাধিকাৰীৰ নাম ৷ আছে লাট-মণ্ডল, গাঁওবুঢ়াৰ আত্মীয়ৰহে নাম ৷ পূৰ্বৰ চক্ৰ বিষয়া অজিত কলিতাৰ কাৰ্যকালত সংঘটিত এনে কেলেংকাৰীৰ বিৰুদ্ধে সম্প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বঞ্চিত হিতাধিকাৰীয়ে ৷
উল্লেখ্য যে, ৰাজহ চক্ৰটোৰ অন্তৰ্গত ১৭ চার্জৰ গাওঁবুঢ়া ছমেছ উদ্দীন আহমেদৰ অধীনত থকা হাতছাৰা গাঁৱৰ ৭ নং লাটৰ মণ্ডল ইউনুচ আলীয়ে বান ক্ষতিগ্ৰস্ত পৰিয়ালক বঞ্চিত কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে নিজৰ ১০ গৰাকীকৈ আত্মীয়ৰ নাম ৷ আনহাতে তালিকাত আত্মীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে টকাৰ বিনিময়ত বান ক্ষতিগ্ৰস্ত লোকক বঞ্চিত কৰি দশম শ্ৰেণীৰ ছাত্ৰৰ নামো হিতাধিকাৰী তালিকাত অন্তৰ্ভূক্তি কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ৰাইজে ৷ বঞ্চিত হিতাধিকাৰী সকলে এনে কাৰ্যৰ উচিত তদন্তৰ দাবীৰে চক্ৰ বিষয়াক এখন আবেদন দাখিল কৰে ৷ চৰজমিন তদন্তত তালিকাত সোমোৱা লাট-মণ্ডল ইউনুছ আলীৰ আত্মীয়ৰ এগৰাকীও লোকৰ বান বা গৰাখহনীয়াত কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি উল্লেখ কৰে গাওঁখনৰ গাওঁবুঢ়া ছমেছ উদ্দীন আহমেদৰ লগতে তদন্তকাৰী বিষয়া সকলে ।
লগতে পঢ়ক: জৰাজীৰ্ণ পথৰ বাবে ব্যাহত কলগাছিয়াৰ বৃহত্তৰ অঞ্চলৰ যাতায়াত