জনিয়া, 30 নৱেম্বৰ: কোকিলাত উন্নত জাতৰ গাই গৰু পালন কৰি স্বাৱলম্বিতাৰ সপোন দেখিছে বহু গো-পালকে ৷ দৈনিক প্ৰায় 4 ৰ পৰা 7 লিটাৰ গাখীৰ বিক্ৰী কৰি স্বাৱলম্বি হৈছে গো-পালকসকল ৷ সোমবাৰে অঞ্চলটোৰ প্ৰায় 300 গো-পালকক ভাৰতীয় ষ্টেট বেংকে 1 লাখ, 44 হাজাৰ টকাকৈ ঋণ প্ৰদান কৰে ৷
APSCৰ প্ৰাক্তন সদস্য এম মোজাম্মিল হুছেইনৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত উত্তৰ-পূৰ্বাঞ্চলৰ মূখ্য প্ৰৱন্ধক আৰ এছ ৰমেশ, প্ৰবন্ধক সুঞ্চননা দত্ত, উপ প্ৰবন্ধক মদন এল এছ আৰু SBI বঙাইগাঁও ৰিজিয়নেল বেংকৰ প্ৰৱন্ধক গুৰুপদ হালদাৰে গোপালকৰ মাজত ১ লাখ ৪৪ হাজাৰ টকাৰ চেক প্ৰদান কৰে।
উল্লেখ্য যে, লকডাউন আৰু গো খাদ্যৰ নাটনিৰ বাবে বহু গো-পালকে জুৰুলা হৈ পৰিছিল যদিও কোকিলা অঞ্চলৰ গাখীৰ আমুল কোম্পানীয়ে লোৱাৰ বাবে বহু গোপালকে আৰ্থিকভাৱে লাভৱান হ'বলৈ সক্ষম হৈছে ৷ এই সভাত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কমল বৰুৱাসহ ভালে সংখ্যক বেংক বিষয়া আৰু কেইবা শতাধিক ৰাইজ উপস্থিত থাকে ৷ এই ঋণ প্ৰদানৰ পাছতে স্বাভাৱিকতে আনন্দৰ জোৱাৰ উঠিছে গোপালকৰ মাজত ৷
লগতে পঢ়ক: বিটিচিৰ টকাৰে হাগ্ৰামা মহিলাৰীয়ে অগাধ সম্পত্তি গঢ়িলেঃ ইউপিপিএল