পাঠশালা,29 আগষ্ট : বজালীৰ ৰিহাবাৰীত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিস্ফোৰণ ৷ হিন্দু হৈও সুবিধা বাদৰ আশ্ৰয় লোৱা সকলক শৰীৰৰ অংগ কাটি মূৰত টুপী পিন্ধি আৰু তলত লুঙী পিন্ধি ইচলাম ধৰ্ম গ্ৰহণ কৰিবলৈ আহ্বান জনাই সত্যৰঞ্জন বৰাই ৷ শনিবাৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত পশু চিকিৎসা শিৱিৰ মুকলি আৰু এখন সজাগতা সভাত অংশ গ্ৰহণ কৰি এনে মন্তব্য কৰে সত্যৰঞ্জন বৰাই ৷
উৰহ জাতিৰ লোক হিন্দু সমাজত প্ৰয়োজন নাই বুলিও মন্তব্য কৰে বৰাই ৷ গেৰুৱা কাপোৰ পিন্ধি নিজকে সাম্প্ৰদায়িক বুলি ঘোষণা কৰাৰ লগতে হিন্দু সমাজক হালাল মাংস পৰিহাৰ কৰিবলৈও আহ্বান জনাই বৰাই ৷ লগতে ইছলাম আৰু কোৰাণ 1400 বছৰীয়া ক্ষমতা দখলৰ ষড়যন্ত্ৰৰ এক প্ৰক্ৰিয়া বুলি বিতৰ্কিত মন্তব্য কৰাৰ উপৰিও কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক লৈ কঠোৰ সমালোচনা কৰে সত্যৰঞ্জন বৰাই ৷
লগতে পঢ়কঃ ন্যায়ালয়ৰ নিৰ্দেশ নমনা অগপ নেতৃত্বৰ বিৰুদ্ধে গোচৰীয়া পক্ষৰ প্ৰতিক্ৰিয়া