বৰপেটা, 5 অক্টোবৰ: মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ প্ৰপন্ন শিস্য তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ আজি তিৰোভাৱ তিথি ৷ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক'ভিড প্ৰট'কল মানি অনুষ্টুপীয়াভাৱে বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰগৰাকীৰ তিৰোভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে "কীৰ্তন মহোৎসৱ" হিচাপে পালন কৰা হৈছে ৷
![Satradhikar sri sri Mathuram Das aata's death anniversary celebration at Barpeta Satra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9052566_726_9052566_1601876545696.png)
উল্লেখ্য যে, বৰপেটা সত্ৰত 5 দিন পূৰ্বে কীৰ্তন থাপনা কৰি তাল ভংগ নোহোৱাকৈ কীৰ্তন চলাই সোমবাৰে কীৰ্তনৰ মূল সবাহ অনুষ্ঠিত হয় ৷ বৃন্দাৱনী বস্ত্ৰ নিৰ্মাণৰ মুখ্য তাঁতী, গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰৱৰ্তক আৰু গুৰু ভক্তিৰ শ্ৰেষ্ঠতম নিদৰ্শনকাৰী মথুৰাদাস বুঢ়া আতাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে ভকত বৈষ্ণৱ আৰু আইসকলৰ পুৱাৰ প্ৰসংগ সামৰণিৰ পিছত সত্ৰৰ বংশৰাৰ গায়ন বায়নে সত্ৰৰ কীৰ্তনঘৰৰ গুৰু আসনৰ সন্মুখত গুৰুঘাট বজাই খোল প্ৰসংগ কৰাৰ লগতে ভোজন ব্যৱহাৰ নাটৰ অংক পৰিবেশন কৰে ৷ তাৰ পাছত ঘোষা কীৰ্তনীয়াই ঘোষাকীৰ্তন আৰু ব্যাস কীৰ্তনীয়াই ব্যাস কীৰ্তন পৰিবেশন কৰি সত্ৰাধিকাৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা ভক্তি নিবেদন কৰে ৷
![Satradhikar sri sri Mathuram Das aata's death anniversary celebration at Barpeta Satra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9052566_227_9052566_1601876580527.png)
ইপিনে বিয়লি থূল নহাটীৰ বাপুসকলে গায়ন-বায়ন ব্যাস কীৰ্তনেৰে এক মনোমোহা সমদলেৰে সত্ৰত কৰভাৰ প্ৰদান কৰিব ৷ বৰপেটাৰ সত্ৰ ব্যৱস্থাত আমূল পৰিবৰ্তন সাধন কৰা আদি সত্ৰাধিকাৰ গৰাকীৰ তিৰোভাৱ তিথিৰ দিনটোত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মথুৰাদাস বুঢ়াআতাক সশ্ৰদ্ধে স্মৰণ কৰে ৷ জগতখ্যাত বৃন্দাৱনী বস্ত্ৰৰ মুল তাঁতী হিচাপে মথুৰাদাস বুঢ়া আতাৰ ভূমিকাৰ কথা শ্ৰদ্ধাৰে উল্লেখ কৰি বৃন্দাৱনী বস্ত্ৰখন লণ্ডনৰ সংগ্ৰহালয়তে ৰখাৰ পোষকতা কৰে শংকৰদেৱ বঁটা প্ৰাপক বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ লণ্ডনৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকাৰ বাবেই আজিও বিভিন্নজনে বৃন্দাৱনী বস্ত্ৰখন দেখিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰে ৷ আনহাতে অসমৰ জলবায়ুত বস্ত্ৰখন 500 বছৰ ধৰি অক্ষত হৈ থাকিলহেতেননে বুলিও সন্দেহ ব্যক্ত কৰে বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷
লগতে পঢ়কঃ ভাৰত-ম্যানমাৰৰ আলোচনাৰ মাজতেই বৃদ্ধি বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ