ETV Bharat / state

বৰপেটাৰ এখন বিদ্যালয়ত শিক্ষক নিযুক্তিৰ দাবীৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

author img

By

Published : Nov 27, 2020, 4:21 PM IST

বৰপেটাৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই ২৫ গৰাকীকৈ শিক্ষক ৷ শিক্ষক নিযুক্তিৰ দাবীত এতিয়া ৰাজপথত ছাত্ৰ-ছাত্ৰী ৷ শিক্ষক নিযুক্তিৰ দাবীৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷

satra-mukti-protest-to-fill-vacant-post-of-teacher-vella-hs-school
বৰপেটাৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ নিযুক্তি বিছাৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

বৰপেটা,27 নৱেম্বৰঃ ৰাজ্যৰ সৰ্বত্ৰে শিক্ষা বিভাগৰ উন্নয়ণক লৈ শিক্ষামন্ত্ৰীৰ ভাষণৰ জোৱাৰ ৷ শিক্ষাৰ সংস্কাৰ আৰু শিক্ষক নিযুক্তিকে ধৰি শিক্ষা বিভাগত হোৱা উন্নয়নক লৈ ধাৰাবাহিক প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পিছে বৰপেটাৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য কিছু সুকীয়া ৷ শিক্ষক নিযুক্তিৰ দাবীত বিদ্যালয়ৰ মূল প্ৰবেশ পথ বন্ধ কৰি প্ৰতিবাদত চামিল হ’বলগীয়া হৈছে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ৷

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে জনোৱা মতে, বিদ্যালয়খনত খালী হৈ আছে ২৫ টাকৈ শিক্ষকৰ পদ ৷ কেইবা বছৰ ধৰি বিদ্যালয়খনত বন্ধ হৈ আছে শিক্ষক নিযুক্তি ৷ ২৫ জনকৈ শিক্ষক অবিহনে কি দৰে চলি আছে বিদ্যালয়ৰ পাঠদান সেয়া সহজেই অনুমেয় ৷ সেয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ দাবী জনায় ৷

ইপিনে আশ্বৰ্যকৰভাৱে বিগত কেইবাবছৰ ধৰি বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাই পদাৰ্থ বিজ্ঞান, গণিত, ৰসায়ন বিজ্ঞান আদি মূল বিষয়ৰ শিক্ষক ৷ আনহাতে কলা শাখাতো নাই ৰাজনীতি বিজ্ঞান, শিক্ষা, অৰ্থনীতি আদি বিষয়ৰ শিক্ষক ৷ গতানুগতিকভাৱে দেখাক দেখি চলি আছে বিদ্যালয়ৰ পাঠদান ৷ এখন বিদ্যালয়ৰ ২৫ গৰাকীকৈ মূল বিষয়ৰ শিক্ষক অবিহনে কেনেকৈ চলি আছে ছাত্ৰৰ পাঠদান সেয়া সহজেই অনুমেয় ৷

পূব বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত বিদ্যালয়খনে ইতিমধ্যে পাৰ কৰিছে গৌৰৱময় মহাৰজত জয়ন্তী ৷ এই বিদ্যালয়খনৰ পৰাই পূৰ্বে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত কেইবাজনেও স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তাৰ পিচতো বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা নিৰ্লিপ্ততা সঁচাকৈয়ে লক্ষ্যনীয় বিষয় ৷ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনত শীঘ্ৰেই শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পুনৰ ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি সকিয়নি প্ৰদান কৰিছে ছাত্ৰ ছাত্ৰীসকলে ৷

লগতে পঢ়কঃ একেটা মন্দিৰতেই দুবাৰকৈ চোৰে লুটিলে সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.