ETV Bharat / state

Satra Land Enchrochment : সত্ৰৰ ভূমি বেদখলকাৰীলৈ জাননী জাৰিৰ নিৰ্দেশ

author img

By

Published : Dec 27, 2021, 10:58 PM IST

অসমৰ সত্ৰসমূহৰ ভূমি বেদখল (Satra Land Enchrochment )সম্পৰ্কীয় বিষয় চোৱা-চিতাৰ বাবে চৰকাৰে গঠন কৰি দিয়া সত্ৰ আয়োগ অসমৰ দলটিয়ে সোমবাৰে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আলোচনাত মিলিত হয় ৷ আয়োগৰ দলটিয়ে সুন্দৰীদিয়া সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বেদখলকাৰীসকললৈ জাননী জাৰি কৰিবলৈ বৰপেটাৰ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

সত্ৰৰ ভূমি বেদখলকাৰীলৈ জাননী জাৰিৰ নিৰ্দেশ

বৰপেটা, ২৭ ডিচেম্বৰ: অসমৰ সত্ৰসমূহৰ ভূমি বেদখল (Satra Land Enchrochment) সম্পৰ্কীয় বিষয় চোৱা-চিতাৰ বাবে চৰকাৰে গঠন কৰি দিয়া সত্ৰ আয়োগ অসমৰ দলটোয়ে 26 ডিচেম্বৰৰ পৰা সত্ৰনগৰী বৰপেটাত বাহৰ পাতি আছে ৷ সোমবাৰে বৰপেটা আৰু পাটবাউসী সত্ৰৰ বেদখলকৃত ভূমি সম্পৰ্কে আলোচনা কৰাৰ পিছত সন্ধিয়া বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৰপেটাৰ সত্ৰসমূহৰ সত্ৰাধিকাৰ আৰু বিষয়াসকলৰ সৈতে আয়োগৰ দলটোয়ে আলোচনাত মিলিত হয় ৷

সোমবাৰে পুৱা আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা আৰু সদস্য মৃনাল শইকীয়াই সুন্দৰীদিয়া সত্ৰলৈ গৈ সত্ৰৰ সত্ৰাধিকাৰ, পৰিচালনা সমিতিৰ সদস্য আৰু ভকতসকলৰ সৈতে সত্ৰৰ ভূমি বেদখল সম্পৰ্কে আলোচনাত মিলিত হয় ৷ ইয়াৰ পিছতে আয়োগৰ দলটিয়ে সুন্দৰীদিয়া সত্ৰৰ ভূমি বৰিয়া বিল আৰু বৰিয়া পথাৰৰ বেদখলকৃত ভূমিৰ চৰজমিন তদন্ত কৰে ৷ আয়োগৰ দলটিয়ে বেদখলকাৰীসকলৰ সৈতেও কথা-বতৰা পতাৰ পিছত বেদখল হৈ থকাটো নিশ্চিত হয় ৷

আয়োগৰ দলটিয়ে বেদখল মুক্ত কৰাৰ বাবে বেদখলকাৰীসকললৈ জাননী জাৰি কৰিবলৈ বৰপেটা জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

আনহাতে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰক ১৫৭০ খ্ৰীষ্টাব্দত শিৱ সিংহই তাম্ৰপত্ৰৰ জৰিয়তে ১০০ বিঘা মাটি প্ৰদান কৰে বুলি জানিবলৈ দিয়ে ৷ ১৯৫৪ চনত ৪০০ বিঘা মাটি প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে সুন্দৰীদিয়া সত্ৰক প্ৰদান কৰিছিল তাৰে প্ৰায় ১৫ বিঘা মাটি বৰ্তমান বেদখলকাৰীৰ কৱলত আছে(Land encrochment at Sundaridia Satra) ৷

আনহাতে সেইসময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সময়ত চৰকাৰে ২১২ বিঘাৰ বৰিয়া বিলখনো সুন্দৰীদিয়া সত্ৰক প্ৰদান কৰিছিল ৷ বৰিয়া বিলৰ চাৰিওফালেও প্ৰায় ১৩৭ ঘৰ মানুহে ঘৰ সাজি বেদখল কৰি আছে বুলি সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে জানিবলৈ দিয়ে ৷ আনহাতে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনায় ৷

লগতে পঢ়ক: Satra Land Enchrochment : অসমৰ দহখন জিলাৰ হিন্দুসকলক সংখ্যালঘূৰ মৰ্যদাৰ পোষকতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.