বৰপেটা, ২ এপ্ৰিল: সৰুক্ষেত্ৰীত অগপৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত থকা অগপৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ চকী আৰু বেনাৰ পোষ্টাৰ জ্বলাই দিয়ে ক্ষুব্ধ অগপ কৰ্মীয়ে ৷ নিৰ্বাচনী সভাত অংশগ্ৰহণৰ মাননি দিয়াৰ প্ৰতিশ্ৰুতি দি ৰক্ষা নকৰা ফলত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷
সৰুক্ষেত্ৰীৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ সমৰ্থনত আজি অগপই এক বাইক ৰেলী বাহিৰ কৰে ৷ এই বাইক ৰেলীত অতুল বৰা আৰু কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰে ৷ বাইক ৰেলীত অংশগ্ৰহণ কৰা দলৰ কৰ্মী আৰু সমৰ্থকসকলক দলৰ পৰা মাননি দিয়াৰ কথা আছিল ৷
কিন্তু নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ পাচত ৰেলীত অংশ লোৱা সমৰ্থকসকলক দিয়া নাছিল ধন ৷ আনকি পানীৰ বটল এটাও দিয়া হোৱা নাছিল বুলি অভিয়োগ তুলিছে কৰ্মীসকলে ৷ এনে পৰিপেক্ষিততে আজি সৰুক্ষেত্ৰীত অগপৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত ক্ষোভ প্ৰকাশ অগপ কৰ্মী সকলে ৷
লগতে পঢ়ক: ‘এম চি এম চি’ৰ অনুমােদন অবিহনে প্ৰকাশ কৰিব নােৱাৰিব বিজ্ঞাপন