ETV Bharat / state

সৰুক্ষেত্ৰীত জাকিৰ হুছেইন সিকদাৰৰ ব্যতিক্ৰমী প্ৰচাৰ

author img

By

Published : Apr 3, 2021, 6:16 PM IST

সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰৰ সমৰ্থনত ম'হৰ গাড়ীৰ এক বিশাল সমদল উলিওৱা হয় । কয়াকুছিত প্ৰাৰ্থী গৰাকীয়ে ম'হৰ গাড়ীত উঠি প্ৰচাৰ চলোৱা দেখি ব্যাপক চৰ্চা চলিছে সমষ্টিটোত ।

সৰুক্ষেত্ৰীত জাকিৰ হুছেইন সিকদাৰৰ ব্যতিক্ৰমী প্ৰচাৰ
সৰুক্ষেত্ৰীত জাকিৰ হুছেইন সিকদাৰৰ ব্যতিক্ৰমী প্ৰচাৰ

বৰপেটা, ৩ এপ্ৰিল: প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সফল সমাপ্তিৰ পিছত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সমষ্টিয়ে সমষ্টিয়ে তীব্ৰতৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ । ইয়াৰ মাজতে বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিত ব্যতিক্ৰমী প্ৰচাৰ চলাইছে কংগ্ৰেছ দলে । কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰৰ সমৰ্থনত সমষ্টিত ম'হৰ গাড়ীৰ এক বিশাল সমদল উলিওৱা হৈছে ।

শনিবাৰে কয়াকুছিত প্ৰাৰ্থী গৰাকীয়ে ম'হৰ গাড়ীত উঠি প্ৰচাৰ চলোৱা দেখা গ'ল । প্ৰাৰ্থীগৰাকীৰ এই ব্যতিক্ৰমী প্ৰচাৰে দৃষ্টি আকৰ্ষণ কৰিছে সমষ্টিৰ ৰাইজক । কংগ্ৰেছৰ লগতে প্ৰতিটো ৰাজনৈতিক দলেই গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ পদক্ষেপ । পিছে ৰাইজে নিৰ্বাচনী প্ৰচাৰত কিমান সন্তুষ্ট হয় সেয়া ২ মে'তহে জানিব পৰা যাব ।

লগতে পঢ়ক:24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.