ETV Bharat / state

সৰুক্ষেত্ৰীত মহাজোঁট বনাম মহাজোঁট

author img

By

Published : Apr 4, 2021, 8:40 PM IST

সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাত এ আই ইউ ডি এফৰ মিনাক্ষী ৰহমানৰ৷

sarukhetri constituency
সৰুক্ষেত্ৰীত মহাজোঁট বনাম মহাজোঁট

বৰপেটা, 4 এপ্ৰিল: দেওবাৰে অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ অন্তিম দিনটোত সৰুক্ষেত্ৰীত এ আই ইউ ডি এফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে সমষ্টিটোত উপস্থিত হ’ল এ আই ইউ ডি এফৰ দলপতি বদৰুদ্দিন আজমল ৷ উল্লেখযোগ্য় যে, সমষ্টিটোত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত হ’ব বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা ৷

সমষ্টিটোত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু অগপৰ প্ৰাৰ্থী শিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব মীনাক্ষী ৰহমানে ৷ আজমলৰ উপস্থিতিতে আবেগিক হৈ পৰে আৰু মিনাক্ষী ৰহমান ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগো কৰে প্ৰাৰ্থী গৰাকীয়ে ৷

মহাজোঁটৰ অংশীদাৰ হোৱাৰ পিছতো সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাত নমা এ আই ইউ ডি এফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানক লৈ আশাবাদী বদৰুদ্দিন আজমল ৷
মীনাক্ষীৰ চকুপানী উলিওৱা জাকিৰ হুছেইন চিকদাৰক ৰাইজে প্ৰত্য়ুত্বৰ দিব বুলিও মন্তব্য় কৰে বদৰুদ্দিন আজমলে ৷ আনহাতে, সংখ্যালঘু লোকৰ বাবে বদৰুদ্দিন আজমলে কি কৰিছে বুলি জাকিৰ হুছেইন শিকদাৰে কৰা মন্তব্য়ৰ উত্তৰত আজমলে কয় - "জাকিৰে কৈছে মই সংখ্যালঘুৰ বাবে কি কৰিছো ? জাকিৰৰ নিছিনা ল'ৰাই এশবাৰ জনম ললেও মই যিমান কৰিছো কৰিব নোৱাৰে ৷"

লগতে পঢ়ক: বিজনী আঞ্চলিক ছাত্ৰ সংন্থাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.