ETV Bharat / state

মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে বৰপেটাত ব্যাপক আয়োজন

author img

By

Published : Oct 14, 2021, 4:03 PM IST

শাৰদীয় দুৰ্গোৎসৱৰ সমান্তৰালকৈ ৰাজ্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপনৰ দিহা কৰা হৈছে । এই বিশেষ দিনটোৰ বাবে সত্ৰ নগৰী বৰপেটাত ব্যাপক আয়োজন চলিছে ?

Sankardev
মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষ্যে বৰপেটাত ব্যাপক আয়োজন

বৰপেটা,১৪ অক্টোবৰ : ৰাজ্যৰ চাৰিওফালে চলিছে দেৱী দুৰ্গাৰ আৰাধনা । সমান্তৰালভাৱে ৰাজ্যজুৰি সত্ৰ নামঘৰসমূহত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি ৷ দুৰ্গা পূজাৰ মাজতেই বৃহস্পতিবাৰে নাম-প্ৰসংগ, ভাগৱত পাঠ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷

গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰপেটাবাসী ৰাইজৰ মাজত দেখা হৈছে ব্যাপক উছাহ উদ্দীপনা ৷ গুৰুজনাই উজনি অসমৰ ধুৱাহাটা বেলগুৰিৰ পৰা ভকত সমন্বিতে ভটিয়াই আহি বৰপেটাত প্ৰৱেশ কৰি পালেংদিবৰীত ছমাহ কাল নিবাস কৰা ঐতিহ্যমণ্ডিত আদি থান চিনপৰা ভিঠি থানত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আবিৰ্ভাৱ মহোৎসৱৰ । আবিৰ্ভাৱ মহোৎসৱ উপলক্ষ্যে চিনপৰা ভিঠি থানৰ পৰা সত্ৰনগৰী বৰপেটাত ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

ভাগৱত ভ্ৰমণৰ পাছতেই অনুষ্ঠিত হয় নাম প্ৰসংগ ৷ গুৰুজনাই প্রথম পদাৰ্পন কৰা সত্ৰনগৰী বৰপেটাৰ চিনপৰা ভিঠি থানত গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ভক্তসকলৰ মাজত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক:ঢাক-ঢোল, পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে উজ্জীৱিত অভয়াপুৰীৰ পূজাথলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.