বৰপেটা, 8 ছেপ্তেম্বৰ : সাক্ষৰ ভাৰত অভিযান মিচন ৷ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এক অভিযান ৷ যি অভিযানৰ জৰিয়তে বিদ্যালয়লৈ নোযোৱা ১৫ বছৰৰ উৰ্দ্ধৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ এক প্ৰয়াস কৰা হয় ৷ দেশত যাতে এজনো নিৰক্ষৰ লোক নাথাকে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে গ্ৰহণ কৰিছিল এই সাক্ষৰ ভাৰত অভিযান মিচন আঁচনিখন ৷
দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ অধীনত অসমৰ ১৩ খন জিলাত ২০১০ চনৰ পৰাই নিয়োজিত হৈ আছে ৩৬১৮ গৰাকী নিবনুৱা যুৱক-যুৱতী ৷ 2010 চনৰ পৰাই মাহিলি ২ হাজাৰ টকা মাননিৰে ঠিকা ভিত্তিক কৰ্মচাৰীৰূপে কাম কৰি আহিছিল এই সকল যুৱক-যুৱতীয়ে ৷ পৰিতাপৰ বিষয় যে, দেশবাসীক সাক্ষৰ কৰাৰ কামত নিয়োজিত হৈ থকা কৰ্মচাৰীসকল কিন্তু বৰ্তমান বঞ্চিত হৈ আছে প্ৰাপ্যৰ পৰা ৷
লগতে পঢ়ক: ভূপেন হাজৰিকাৰ কুঠৰীৰ ঘৰখনেৰে বিশেষ সম্পৰ্ক থকা এজন ব্যক্তি...
সদৌ অসম সাক্ষৰ ভাৰত অভিযান কৰ্মচাৰী সন্থাই অভিযোগ কৰা অনুসৰি, এইসকল যুৱক-যুৱতী যোৱা প্ৰায় চাৰে তিনিবছৰ ধৰি বঞ্চিত হৈ আছে নিজৰ প্ৰাপ্য মাননিৰ পৰা ৷
অভিযোগ অনুসৰি, ২০১৮ চনতে বন্ধ হৈ পৰা আঁচনিখনৰ কামত নিয়োজিত বহু কৰ্মচাৰীয়ে ২৪ মাহলৈকে লাভ কৰা নাই মাননি ৷ বিভিন্ন সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীকো অনাদায় মাননি আদায় দিবলৈ দাবী জনাই আহিছে এইসকল যুৱক-যুৱতীয়ে ৷ কিন্তু এই ক্ষেত্ৰত কোনো এগৰাকী মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষই কাণসাৰ নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ক্ষোভিত কৰ্মচাৰীসকলে ৷
লগতে পঢ়ক: সঁচাকৈয়ে আলফাই মৃত্যদণ্ড বিহিলে নেকি অৰুণাভ গগৈক !
ইপিনে আঁচনিখনৰ সৈতে জড়িত বহুতৰে বয়সৰ উর্ধসীমা পাৰ হৈ গৈছে ৷ যাৰ বাবে অন্য চাকৰীৰ বাবেও আবেদন কৰিব নোৱাৰে ৷ যাৰ বাবে বিপাঙত পৰিছে ভুক্তভোগী কৰ্মচাৰীসকল ৷ সেয়ে ভোক্তভুগী কৰ্মচাৰীসকলৰ দাবী, বয়সৰ উৰ্ধসীমা পাৰ হৈ যোৱা কৰ্মচাৰীসকলক অনুকম্পাৰ ভিত্তিত কোনো বিভাগত নিযুক্তিৰ ব্যৱস্থা কৰক ৷ অন্যথা অচিৰেই ৰাজ্যজুৰি এক তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰাৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম সাক্ষৰ ভাৰত কৰ্মচাৰী সন্থাই ৷