ETV Bharat / state

Memorandum to Government : হৰিজনসকলক যাৱতীয় সা-সুবিধা প্ৰদানৰ দাবী চাফাই কৰ্মচাৰী ইউনিয়নৰ - শ্ৰম আয়োগৰ নীতি অনুসৰি দৰমহা প্ৰদান

‘‘প্ৰতিশ্ৰুতি দিও সমস্যা সমাধানত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ৷’’ এই অভিযোগ চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়নৰ (Safai karmchari union) ৷ চাফাই কৰ্মচাৰীসকলক শ্ৰম আয়োগৰ নীতি অনুসৰি দৰমহা প্ৰদানৰ লগতে চাফাই কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু বৰপেটা, হাউলী, সৰভোগ আদি চহৰত থকা হৰিজন কলনিসমূহৰ ভূমি পট্টা প্ৰদানৰ দাবী উত্থাপন কৰে ষ্টুডেন্ট ইউনিয়নৰ সম্পাদক ভীম বাছফৰে ৷

Safai karmchari union
হৰিজনসকলক চৰকাৰকে SC ৰ সকলো সুবিধাৰ প্ৰদান কৰক : চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়ন
author img

By

Published : Jul 26, 2022, 6:19 PM IST

বৰপেটা, ২৬ জুলাই : ‘‘বিশ্বগুৰু হ’বলৈ গৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কিন্তু ক’ভিড যোদ্ধাৰ প্ৰতি কোনো দৰদ নাই বিশ্বগুৰুগৰাকীৰ ৷ কেৱল আদানী-আম্বানীক ধনী কৰি গৈ থাকিলেই নহ’ব ৷ দেশৰ সাধাৰণ লোকলকৰ কথাও ভাবিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে’’ ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়নৰ সম্পাদক ভীম বাছফৰে ৷

Safai karmchari union
চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়ন

ভীম বাছফৰে উল্লেখ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি বৰপেটা জিলাৰ পৌৰসভাসমূহত মাহেকত মাথো ৩ হাজাৰ টকা দৰমহা লৈ কাম কৰি আছে চাফাই কৰ্মচাৰীসকলে ৷ অৱশ্যে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰি আহিছে ৰাজ্য চৰকাৰৰ বিভাগীৰ মন্ত্ৰী বিষয়াসকলে ৷ এই অভিযোগ চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়নৰ সম্পাদকগৰাকীৰ (Safai karmchari union) ৷

সেয়ে চাফাই কৰ্মচাৰীসকলে ভুগি অহা বৈষম্য আৰু দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে মঙলবাৰে উপস্থিত হয় জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৷ লগতে বৰপেটাত চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়নে জিলা উপায়ুক্তগৰাকীৰ লগতে পৌৰপতিগৰাকীক তেওঁলোকৰ সমস্যা সন্দৰ্ভত প্ৰদান কৰে এখনি স্মাৰকপত্ৰ ৷

হৰিজনসকলক চৰকাৰকে SC ৰ সকলো সুবিধাৰ প্ৰদান কৰক : চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়ন

আনকি চাফাই কৰ্মচাৰীসকলক শ্ৰম আয়োগৰ নীতি অনুসৰি দৰমহা প্ৰদানৰ লগতে চাফাই কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু বৰপেটা, হাউলী, সৰভোগ আদি চহৰত থকা হৰিজন কলনিসমূহৰ ভূমি পট্টা প্ৰদানৰো দাবী উত্থাপন কৰে ৷ আনহাতে, হৰিজনসকলে অনুসূচিত (SC) জাতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হোৱা বুলিও অভিযোগ তোলে ৷

এইক্ষেত্ৰত বিজেপি দলে হৰিজনসকলে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল (Problems faced by Harijans) যদিও চৰকাৰে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ সেয়ে শীঘ্ৰে চাফাই কৰ্মচাৰীসকলৰ সমস্যা সমাধান নহ’লে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো সকীয়নি প্ৰদান কৰে চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়নৰ সম্পাদক ভীম বাছফৰে ৷

লগতে পঢ়ক : Assam devastated by devastating floods: প্ৰলয়ংকাৰী বানত তচনচ ৰাজ্যৰ আন্তঃগাঠঁনি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.