জনিয়া, 3 মাৰ্চ : বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে চৰকাৰী গৃহবোৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে (Block Development Officer of Rupsi)। অহা ৩১ মাৰ্চৰ পূৰ্বে প্ৰধান মন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ঘৰ সম্পূৰ্ণ কৰাৰ বাবে গাঁৱে গাঁৱে বিশেষ সভা অনুষ্ঠিত কৰি হিতাধিকাৰী সকলক সজাগ কৰা পৰিলক্ষিত হৈছে (pradhan mantri awas yojana houses) । ঘৰ সম্পূৰ্ণ নকৰা সেই সকলৰ বিৰুদ্ধে তদন্তমূলক বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে ।
প্ৰতিটো গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ লগতে প্ৰতিটো খণ্ডত বিশেষ সভা অনুষ্ঠিত কৰি চৰকাৰী গৃহৰ নামত কোনোবাই ধন দাবী কৰিলে তাৰ বিৰুদ্ধে টোল ফ্ৰি নম্বৰ 1800-11-3388 ত অথবা দুৰ্নীতি নিবাৰক শাখা অথবা জিলা উপায়ুক্ত বা আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পটোৱাৰীয়ে । তিতাপানী, শওপুৰ, হালদিয়া, গুইলেজা, কলগাছিয়া, বলাইপাথাৰ আৰু লাচাংগা গাঁও পঞ্চায়তত পৃথকে পৃথকে বিশেষ সভা অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণৰ অধীনত থকা ঘৰ লাভ কৰা হিতাধিকাৰীৰ প্ৰথম আৰু দ্বিতীয় কিস্তি লাভ কৰা সকলক অহা ৩১ মাৰ্চৰ ভিতৰত যিকোনো প্ৰকাৰে ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে তেওঁ ।
ইফালে বেংকৰ নম্বৰৰ সৈতে আধাৰ নম্বৰৰ সংযোগ কৰিবলৈ বেংক বা ডাক ঘৰলৈ যাবলৈ পৰামৰ্শ প্ৰদান কৰে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে । আনহাতে যিসকলে টকা হাতত পাই বিনা কাৰণত আজিও ঘৰ সম্পূৰ্ণ কৰা নাই সেই সকলৰ বিৰুদ্ধে তদন্তমূলক বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও খণ্ড উন্নয়ন বিষয়া পাটোৱাৰীয়ে সদৰী কৰে ।
উল্লেখযোগ্য যে, ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১২ টা গাঁও পঞ্চায়তত আজিৰ দিনলৈকে মুঠ ৬৮৫৯ টা ঘৰ অসম্পূৰ্ণ হৈ আছে ৷ ইয়াৰে চিকনি আৰু লাচাংগা গাঁও পঞ্চায়ত কৰ্তৃপক্ষই এটাও ঘৰ সম্পূৰ্ণ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে । উক্ত ঘৰ সমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিব নোৱাৰিলে পৰৱৰ্তী পৰ্যায়ত ঘৰ পাব লগীয়া দৰিদ্ৰ হিতাধিকাৰীসকল বঞ্চিত হোৱাৰ সম্ভাৱনা আছে ৷ সেয়ে ঘৰ বোৰ সম্পূৰ্ণ কৰিবলৈ গাঁৱে গাঁৱে অনুষ্ঠিত কৰা হৈছে বিশেষ সভা ।
লগতে পঢ়ক : 6 crores seized from BJP MLAs son house : বিজেপি নেতাৰ পুত্ৰৰ ঘৰত ওলাল কোটি কোটি টকা