বৰপেটা,18 মে': সোমবাৰে বৰপেটা জিলাৰ বাঘবৰৰ মন্দিয়াত দিন-দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি ৷ ৰাজ্যত সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে বজাৰত কোনো মানুহ নথকাৰ সুযোগ লৈ বাইকত অহা দুজন অচিনাক্ত যুৱকে বাঘবৰৰ ডাকঘৰত প্ৰৱেশ কৰি লুটি নিয়ে 5 লক্ষাধিক টকা ৷
উল্লেখ্য যে,হেলমেট পৰিধান কৰি অহা দুই যুৱকে ডাকঘৰটোত প্ৰৱেশ কৰি চোকা অস্ত্ৰ দেখুৱাই ধনখিনি লুটি নিয়ে ৷ ডাকঘৰটোত কোনো ধৰণৰ নিৰাপত্তা অথবা চিচিটিভিৰ ব্যৱস্থা নথকাৰ বাবে যুৱক দুজনৰ কোনো পৰিচয় ৰাখিব নোৱাৰিলে ডাকঘৰ কৰ্তৃপক্ষই ৷ পোষ্ট মাষ্টাৰ জেহেৰুল ইছলামে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাচতহে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
![robbery at post office in mandia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-17to20-17may-robbery-at-post-office-in-mandia-visbitephoto-as10038_17052021231342_1705f_1621273422_267.png)
লগতে পঢ়ক: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত