জনীয়া, 30 আগষ্ট : কলগাছিয়াৰ শ্বৰিয়তপুৰ গাঁৱৰ বাসিন্দা আব্দুছ ছামাদে হাউলীৰ মৌটুপুৰীত নাৰ্ছাৰি খুলি নিজৰ লগতে কেইবাগৰাকী যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে । কিন্তু গৰাকীৰ সপোন ভাঙি ছুইট নাৰ্ছাৰিত দুৰ্বৃত্তই সংঘটিত কৰিলে চুৰিকাণ্ড । নিশাৰ আহাৰৰ লগত নিচা জাতীয় দ্ৰব্য খুৱাই লুটপাট কৰে । দুৰ্বৃত্তই নিচা খুওৱাৰ ফলত ছুইট নাৰ্ছাৰিৰ স্বত্বাধিকাৰী আব্দুছ ছামাদ আৰু তেওঁৰ পত্নীৰ লগতে তিনিজনকৈ কৰ্মচাৰী নিদ্ৰামগ্ন হৈ পৰে ।
তাৰ পাচতেই তেওঁৰ ঘৰৰ পৰা দুৰ্বৃত্তই নগদ ৬৫ হেজাৰ টকা, মোবাইল ৫ টা, চেক বুক পাঁচ খন, বেংক পাচবুক, সোণৰ চেইন এডালৰ লগতে চহী কৰি ৰখা পাচবুক এটাও চুৰি কৰি লৈ যায়। যোৱা ২০ জানুৱাৰীতো অনুৰূপ দৰে দুৰ্বৃত্তই লুটিছিল উক্ত নাৰ্ছাৰিৰ স্বত্বাধিকাৰী জনৰ ঘৰৰ পৰা । ঘটনা সন্দৰ্ভত হাউলী আৰক্ষী থানাত আব্দুছ ছামাদে এজাহাৰ দাখিল কৰিছে ।
লগতে পঢ়ক : 85 বছৰীয়া বৃদ্ধাৰ সন্মুখত পৰাজিত কৰ'ণা