ETV Bharat / state

হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটা জিলা পৰিবহন বিভাগৰ ভুলৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মহিলা MVIৰ দৌৰাত্মৰ অভিযোগ ।

author img

By

Published : Jun 18, 2019, 10:01 AM IST

হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটা, ১৮ জুন : বৰপেটা জিলাৰ হাউলীৰ ইটাৰভিঠাত ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত অকস্মাতে ৰৈ যোৱা ট্ৰেইলাৰ এখনত পিচফালৰ পৰা দ্ৰুতবেগী ট্ৰাক এখনে খুন্দা মাৰে । দুৰ্ঘটনাটোৰ ফলত ট্ৰাক চালকজনৰ মৃত্যু হয় ।

জানিব পৰা মতে UP-45-T-8975 নম্বৰৰ ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰচণ্ড জোৰত ট্ৰাক খনে ট্ৰেইলাৰ খনত খুন্দা মৰাৰ ফলত ট্ৰাকখনৰ সন্মুখভাগ ভাঙি চুৰমাৰ হৈ যায় ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ট্ৰাক চালক জনক সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও আদবাটতে ট্ৰাকচালকজনৰ মৃত্যু হয় । এই পৰ্যন্ত ট্ৰাক চালক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই । ইপিনে ৰাইজৰ অভিযোগ অনুসৰি MVI ৰ দলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতেট্ৰেইলাৰখন ৰখাই দিয়াৰ ফলত ট্ৰাক খনে ট্ৰেইলাৰখনত খুন্দা মাৰে । একাংশ ট্ৰাক চালক আৰু ৰাইজৰ অভিযোগ অনুসৰি, বৰপেটা পৰিবহন বিভাগৰ MVI দলে প্ৰতি নিশা যধে-মধে ট্ৰাক ৰখাই ধন সংগ্ৰহ কৰে । এগৰাকী মহিলা MVI বিষয়াৰ নেতৃত্বত নিশা প্ৰতিখন ট্ৰাকৰ পৰা ৩ৰ পৰা ৫ হাজাৰ টকা সংগ্ৰহ কৰা হয় । আনহাতে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে ঘাইপথ অৱৰোধৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । উত্তেজিত ৰাইজৰ ৰূপ প্ৰত্যক্ষ কৰি MVIৰ দলটোৱে লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । দুৰ্ঘটনাটোত জড়িত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ৰখাই থোৱা ট্ৰেইলাৰখনেও লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । সেয়ে স্থানীয় ৰাইজ আৰু ট্ৰাক চালক সকলে বৰপেটা জিলা পৰিবহন বিভাগৰ দৌৰাত্ম বন্ধ কৰাৰ দাবী উত্থাপন কৰে ।

Slug:   as_bar_18june_accident_one_death_vis+bite_7203841

বৰপেটাৰ হাউলীৰ ইটাৰভিঠাৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দূৰ্ঘটনাঃ নিহত ট্ৰাকচালক ৷ 

বৰপেটা, ১৮ জুনঃ বৰপেটাৰ হাউলীৰ ইটাৰভিঠাত ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত অকস্মাতে ৰৈ যোৱা ট্ৰেইলাৰত পিচফালৰ পৰা খুন্দা দ্ৰুতবেগী ট্ৰাকৰ ৷ হস্পিটাললৈ নিয়াৰ পথত মৃত্যু ট্ৰাক চালকজনৰ ৷ দূৰ্ঘটনাগ্ৰস্থ ট্ৰাকখনৰ নম্বৰ- ইউ,পি,৪৫ টি ৮৯৭৫ ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দূৰ্ঘটনা ৷ বৰপেটা জিলা পৰিবহন বিভাগৰ ভুলৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷ MVI ৰ দলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে এখন ট্ৰেইলৰ ৰখাই থোৱাৰ ফলত ট্ৰাক খনে খুন্দা মাৰে ট্ৰেইলাৰখনত ৷ তীব্ৰ জোৰত মৰা খুন্দাৰ ফলত ট্ৰাকখনৰ সন্মুখভাগ চূচূৰ্মৈ হৈ পৰে ৷ গুৰুতৰভাৱে আহত ট্ৰাক চালক জনক সংকটজনক অৱস্থান বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ লৈ যোৱা হয় যদিও আদবাটতে ট্ৰাকচালকজনৰ মৃত্যু হয় ৷ এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই চালক জনৰ পৰিচয় । ইপিনে বৰপেটা পৰিবহন বিভাগৰ MVI ৰ দলে প্ৰতি নিশা যধে-মধে ট্ৰাক ৰখাই ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছেএকাংশ ট্ৰাক চালকৰ লগতে স্থানীয় লেকে । এগৰাকী মহিলা MVI বিষয়াৰ নেতৃত্বত  নিশাৰ ভাগত প্ৰতিখন ট্ৰাকৰ পৰা হেনো সংগ্ৰহ কৰে ৩ৰ পৰা ৫ হাজাৰ টকা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত একপ্ৰকাৰ দৌৰাত্ম চলাই আহিছে মহিলা MVI গৰাকীয়ে ৷ ইয়াকে লৈ দূৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে উত্তেজিত ৰাইজে ঘাইপথ অবৰোধৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ উত্তেজিত ৰাইজৰ ৰূপ প্ৰত্যক্ষ কৰি MVIৰ দলটোৱে লগে লগে  ঘটনাস্থলীৰ পৰা পলায়ন কৰে  । ইপিনে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ৰখাই থোৱা দুৰ্ঘটনাত জৰিত ট্ৰেইলৰখনে লগে লগে ঘটনাস্থলীৰ পৰা পলাযযন কৰে । দূৰ্ঘটনাটোক লৈ হাউলীত নিশা তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হোৱাৰ লগতে বৰপেটা জিলা পৰিবহন বিভাগৰ দৌৰাত্ম বন্ধ কৰাৰ দাবী উত্থাপন কৰে ভূক্তভোগী ট্ৰাকচালক আৰু ৰাইজে ৷

বাইটঃ ট্ৰাক চালক আৰু স্থানীয় লোক ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.