ETV Bharat / state

অবৈধ সুৰা ভৰ্তি বাহনৰ খুন্দাত আহত ছাত্ৰ

বৰপেটা চহৰৰ অংকুৰম হাস্পতালৰ সন্মুখত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাৰ পাছতে বৰপেটাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ AS-১৯D-১২১৪ নম্বৰৰ অবৈধ সুৰা ভৰ্তি ইণ্ডিকা বাহনৰ খুন্দাত এজন ছাত্ৰ গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে জ্বলাই দিয়ে অবৈধ সুৰাৰ বটলসমূহ ৷

author img

By

Published : Dec 1, 2020, 12:09 PM IST

as_bar_road_accident_one_injured_img_as10038
অবৈধ সুৰা ভৰ্তি বাহনৰ খুন্দাত আহত ছাত্ৰ

বৰপেটা,১ ডিচেম্বৰ: মঙলবাৰে ৰাতিপুৱা সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাৰ পাছতে বৰপেটাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ AS-১৯D-১২১৪ নম্বৰৰ অবৈধ সুৰা ভৰ্তি ইণ্ডিকা বাহনখনে টিউচনলৈ গৈ থকা অৱস্থাত এজন ছাত্ৰক পাছফালৰ পৰা খুন্দিয়ায় ৷ তাৰ পাছতে অংকুৰম হাস্পতালৰ সন্মুখত সৃষ্টি হয় চাঞ্চল্যৰ ৷ স্থানীয় ৰাইজে সংকটজনক ছাত্ৰজনক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱাৰ পাছতে একাংশ ৰাইজে বাহনখনত তালাচী চলাই ৷

দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত ৰাইজে বিভিন্ন ব্ৰেণ্ডৰ কাৰ্টনে কাৰ্টনে অবৈধ সুৰা উদ্ধাৰ কৰে ৷ সত্ৰনগৰী বৰপেটাত অবৈধ সুৰাৰ ব্যৱসায়েৰে সামাজিক পৰিৱেশ বিঘ্নিত কৰি অহা এনে ব্যৱসায়ী সকলৰ বিৰুদ্ধে ক্ষোভিত লোকসকলে সুৰাৰ বটলসমূহ এফালৰ পৰা ভাঙি পেলোৱাৰ লগতে জ্বলাই দিয়ে কাৰ্টন সমূহ ৷ বৰপেটা চহৰত আৰক্ষীৰ নিয়মীয়া তালাচী থকা সত্বেও অবৈধ সুৰা ভৰ্তি এখন বাহন কেনেকৈ বৰপেটা চহৰত প্ৰৱেশ কৰিব পাৰিলে বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক: নলবাৰীৰ মুকালমুৱাত আৰক্ষীক আক্ৰমণ গৰু চোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.