কলগাছিয়া, 11 ডিচেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াৰ হালধীয়া পাথাৰ গাঁৱত শুকুৰবাৰে এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই গৈ থকাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত মৃত্যু বৰণ কৰে ট্ৰেক্টৰখনৰ চালক আব্দুল ছামাদ নামৰ এগৰাকী 18 বছৰীয়া যুৱক ৷

জানিব পৰা মতে, ট্ৰেক্টৰেৰে মাটি লৈ যোৱা অৱস্থাত গাড়ীখন দ-খাৱৈত বাগৰি চালকজনৰ ওপৰত পৰাত মৃত্যু হয় ৷ প্ৰায় 40 মিনিট সময় ট্ৰেক্টৰৰ তলত পৰি থকাৰ পিচত স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে, যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : বিজেপিৰ সৈতে আলোচনা কৰি প্ৰাৰ্থীত্ব ভগাব অগপই