ETV Bharat / state

হাউলীত ট্ৰাক-এল্ট’ৰ মুখামুখি সংঘৰ্ষ

author img

By

Published : May 13, 2021, 7:08 PM IST

বৃহস্পতিবাৰে বৰপেটাৰ হাউলীত ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন ট্ৰাকে বিপৰীত দিশৰ পৰা অহা এল্ট’ বাহনত খুন্দা মাৰে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিজন লোক ৷

road accident at howly
হাউলীত পথ দুৰ্ঘটনা

বৰপেটা,13 মে’: বৰপেটাৰ হাউলীত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা ধাবাৰ সমীপত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন ট্ৰাক আৰু এল্ট’ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিজন লোক ৷

ঘটনা অনুসৰি, AS-15-P-0340 নম্বৰৰ এল্ট’ বাহনখনে কালঝাৰৰ দিশৰ পৰা হাউলী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS-01-NC-1933 নম্বৰৰ ট্ৰাকখনে বাহনখনত খুন্দিয়ায় ।

road accident at howly
হাউলীত পথ দুৰ্ঘটনা

আহত লোককেইজনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে ।

লগতে পঢ়ক : চিমেন চাপৰিত আৰক্ষীৰ গুলীত নিহত এলডিচিএমৰ দুধৰ্ষ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.