বৰপেটা, ১ মেঃ বৰপেটা ভবানীপুৰত আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত হয় বাইক আৰোহী আমিৰ আলী ৷ লগতে গুৰুতৰভাৱে আহত হয় মহিলাসহ এটি শিশু। বুধবাৰে ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। হাউলীৰ পৰা পাঠশালা অভিমুখে গৈ থকা অৱস্থাত ধুমাৰকুৰত 24 চকীয়া এখন ট্ৰাকে AS-15E-6555 নম্বৰৰ বাইক খনক পাচফালৰ পৰা খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো। ফলত বাইক চালক আমিৰ আলী থিতাতে নিহত হোৱাৰ উপৰিও গুৰুতৰভাৱে আহত হয় বাইকত অহা মহিলাসহ এটি শিশু । নিহত আমিৰ আলী হাউলীৰ মৈৰামাৰা গাঁওৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
আনহাতে, কেএমচি নামৰ এটা কোম্পানীয়ে অতি লেহেমীয়া গতিত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণ কৰাৰ বাবে এনেধৰণ দুৰ্ঘটনা সঘনাই সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷