পাঠশালা, ১২নৱেম্বৰঃ পাঠশালাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। হোণ্ডাই চাৰ্ভিছ চেন্টাৰৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই দাউ দাউকৈ জ্বলি উঠে ট্ৰাকখন ৷
উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ থকা অৱস্থাত পাঠশালাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলংঙত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে ট্ৰাক খনে ৷ খুন্দা মৰাৰ পিছতেই ট্ৰাকখন পথৰ দাতিত বাগৰি পৰে ৷ তাৰ পিছতে নিমিষতে দাউ দাউ কৈ জ্বলি উঠে ট্ৰাকখন। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ UP15 AT 5602 ৷ নিশা ১বাজি ৩৫ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ নিশা অভিনেতা ৰাজকুমাৰে বঙাইগাঁৱৰ পৰা থিয়েটাৰ শেষ কৰি ঘৰলৈ ওভতি আহি থকা সময়তে এই ভয়াৱহ অগ্নিকাণ্ড প্ৰত্যক্ষ কৰে ৷ লগে লগে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।