ETV Bharat / state

খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি আল্লাৰ ওচৰত ৰাইজৰ প্ৰাৰ্থনা

author img

By

Published : Sep 3, 2022, 8:08 PM IST

প্ৰশাসন, জলসম্পদ বিভাগ, স্থানীয় বিধায়ক কাৰোৰে ওপৰত ভৰসা নাই ৰৌমাৰী পাথাৰ গাঁৱৰ ৰাইজৰ । খহনীয়াৰ কৱলত পৰি দিশহাৰা নৈপৰীয়া ৰাইজ (Erosion problem in Barpeta)। আল্লাৰ ওচৰত দোৱা কৰিলে ভুক্তভোগী ৰাইজে ।

erosion
খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ আল্লাৰ ওচৰত প্ৰাৰ্থনা

বৰপেটা,৩ ছেপ্টেম্বৰ : ভয়ংকৰ গৰাখহনীয়াৰ কৱলত বৰপেটা জিলাৰ চেঙা সমষ্টি (Erosion at Barpeta)। খহনীয়াৰ কৱলত পৰি সমষ্টিটোৰ বহু অঞ্চল এতিয়া নৈৰ বুকুত জাহ গৈছে । বছৰ বছৰ ধৰি ৰাইজৰ এই সমস্যাৰ সমাধানত ব্যৰ্থ চৰকাৰ তথা প্ৰশাসন ।

উল্লেখ্য যে চেঙাৰ ৰৌমাৰী পাথাৰ গাঁৱৰ নৈপৰীয়া ৰাইজ এতিয়া খহনীয়াৰ সমস্যাক লৈ শংকিত হৈ পৰিছে । মাটি, ভেঁটি হেৰুৱাই সৰ্বস্বান্ত গাঁৱৰ বহু লোক । ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাৰ লগে লগে গাঁওখনৰ বহু কেইটা পৰিয়ালে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে । হাজাৰ হাজাৰ কৃষিভূমিও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে ।

মৰাপাট, কুঁহিয়াৰৰ খেতিও জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । প্ৰতিবছৰে এনেদৰেই নৈপৰীয়া ৰাইজৰ সপোন কাঢ়ি নিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । শেহতীয়াকৈ খহনীয়াৰ কবলত পৰি ৰৌমাৰী পাথাৰৰ ডায়মণ্ড ক্লাৱৰ পকী ঘৰটোও জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । কিন্তু ৰৌমাৰী পাথাৰ গাঁৱৰ ভুক্তভোগী ৰাইজৰ খবৰ ল'বলৈ সময় নাই প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ ।

চৰকাৰলৈ বাট চাই নাথাকি ৰাইজে বহুবাৰ খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে । কিন্তু একো ফল পোৱা নাই । ৰাইজে বহুবাৰ প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে আবেদন নিবেদন কৰিছে যদিও আজিলৈ খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই (Government failed to prevent erosion)। আনকি স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনেও ৰাইজৰ খবৰ ল'বলৈ অহা নাই বুলি অভিযোগ কৰিছে ভুক্তভোগী লোকসকলে । সেয়েহে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ৰাইজে অনুৰোধ জনাইছে ।

ইফালে ৰাইজে উল্লেখ কৰা মতে প্ৰশাসন, জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কৰ ওপৰত তেওঁলোকৰ ভৰসা নাই । সেয়েহে তেওঁলোকৰ বাবে এতিয়া একমাত্ৰ ভৰসা হৈছে আল্লা । যাৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ স্থানীয় ৰাইজে আল্লাৰ ওচৰত দোৱা কৰিছে । যাতে নেদেখা জনে তেওঁলোকক এই সংকটৰ পৰা মুক্ত কৰে ।

লগতে পঢ়ক :গহপুৰৰ হেলেমত কৃষকৰ বিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.