ETV Bharat / state

ঈদৰ মাদকতা হেৰুৱালে কাউৰজাহীৰ ৰাইজে

author img

By

Published : Jul 18, 2021, 6:59 AM IST

ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ ঈদৰ প্ৰাক মুহুৰ্তত ইছলামধৰ্মী লোকৰ বসতি প্ৰধান কলগাছিয়াৰ কাউৰজাহীৰ ৰাইজে হেৰুৱাইছে ঘৰ মাটি ৷ পৰা চপৰে নৈৰ গৰা খহি উচন হ'ল ৬ টাকৈ পৰিয়ালৰ ঘৰৰ ভেটি ।

river erosion giving togh time to people of kalgasia before eid
ঈদৰ প্ৰাকক্ষণত উৎসৱৰ মাদকতা হেৰুৱালে কলগাছিয়াৰ কাউৰজাহীৰ ৰাইজে

কলগাছিয়া, 18 জুলাই : কলগাছিয়াৰ কাউৰজাহীত খহনীয়াগ্ৰস্ত লোকৰ মাজত নাই সমাগত ঈদৰ উৎসাহ ৷ পৱিত্ৰ ঈদ-উদ-জ্জোহাৰ সময়তে সৰ্বস্ব হেৰুৱাই ভাঙি পৰিছে কলগাছিয়াৰ এই লোকসকল ৷ মুঠ ছয়টাকৈ পৰিয়ালৰ ভেটি মাটি জাহ গ’ল বাৰিষা নৈৰ বুকুত ৷ খহনীয়া(river erosion)ৰ তাণ্ডৱত ঘৰ দুৱাৰ এৰি এতিয়া নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত ৰাইজে ৷

উল্লেখযোগ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ কাউৰজাহী গাঁৱত কালৰূপ ধাৰণ কৰিছে বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়াই ৷ চপৰা চপৰে নৈৰ গৰা খহি উচন হ'ল ৬ টাকৈ পৰিয়ালৰ ঘৰৰ ভেটি । উল্লেখযোগ্য যে, ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ধৰ্মীয় উৎসৱ ঈদোজ্জোহাৰ প্ৰাক মূহুৰ্তত এইদৰে ব্যাপক গৰাখহনীয়া অব্যাহত থকাত এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ ফলত, উপায়ন্তৰ হৈ নিজৰ ঘৰ দুৱাৰ ভাঙি লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভূক্তভোগী ৰাইজে ৷

সম্প্ৰতি, চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কোনোধৰণৰ প্ৰচেষ্টা নোলোৱাৰ ফলত ক্ষুব্ধ হৈছে ৰাইজ ৷ ক্ষুব্ধ ৰাইজৰ একাংশই এইখন দেশত কোনো চৰকাৰ নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে ৷ পৱিত্ৰ ঈদৰ সময়ত গৃহহীন হৈ পৰাত এই ভূক্তভোগী সকলৰ দুখ কুলাই পাচিয়ে নধৰা হোৱাত এতিয়া চৰকাৰৰ কৃপা দৃষ্টি কামনা কৰিছে ভূক্তভোগী অঞ্চলবাসী ৰাইজে ।

উল্লেখযোগ্য যে, স্বাধীনোত্তৰ কালৰে পৰাই বেঁকী নদীৰ গৰাখহনীয়াই কাউৰজাহী, খাৰবাল্লী, বেচিমাৰী, মিনিশিমলা, কাচুকাটি, লাচাংগা, ডাউকমাৰি, গুইলেজা, সুতিৰপাথাৰ আদি গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ দুৱাৰৰ লগতে হাজাৰ হাজাৰ বিঘা মাটি উচন কৰি আহিছে ৷ একেদৰে, দুমাহ ধৰি কাউৰজাহী আৰু বলাইপাথাৰ গাঁও খনৰ মাজেৰে বেঁকী নদীৰ সুঁতি ওলাই প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ মাটি ভেঁটি নদীৰ বুকুত জাহ গৈছে। সম্প্ৰতি, লকডাউনৰ সময়ত আৰ্থিকভাৱে বিধস্ত ৰাইজৰ ওপৰত এই পৰিস্থিতি এতিয়া এইদৰে ভূতৰ ওপৰত দানহ পৰা সদৃশ হৈছে ৷

এটা নিশাৰ ভিতৰতে অঞ্চলটোৰ মজিবৰ ৰহমান, আব্দুল বাৰেক, সুজাব আলী, সহিদুল ইছলাম, তহিদুল ইছলাম, বাতাবৰ অলীক আদিৰ ছয়টাকৈ পৰিয়ালৰ সম্পূৰ্ণ ঘৰ দুৱাৰ নৈৰ বুকুত বিলিন হৈছে । সম্প্ৰতি খহনীয়াগ্ৰস্ত সকলে পথৰ দাঁতিত নিজাববীয়াকৈ আশ্ৰয় গ্ৰহণ কৰিছে ৷ কিন্তু ৰাইজ ইমানকিনি দুৰ্দশাৰ সন্মুখীন হোৱাৰ পিছতো এতিয়ালৈকে স্থানীয় বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম, বৰপেটাৰ সাংসদ আব্দুৰ খালেক তথা বৰপেটা জিলা প্ৰশাসনে তেওঁলোকৰ খবৰ ল’বলৈ আহৰি পোৱা নাই বুলিও ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক : Jeans, T-shirt পৰিধান কৰিব নোৱাৰিব সচিবালয়ৰ কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.