ETV Bharat / state

এমজিএনৰেগা আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ - MNGREGA

কলগাছিয়াৰ খাৰবাল্লীত এমজিএনৰেগা আঁচনিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । ২০২০-২১ বৰ্ষৰ অধীনত খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ৯,০৪,৩৩২ টকাৰ ৰিং বান্ধ নিৰ্মাণৰ বাবে অনুমোদন দিয়ে ৷ এই বান্ধ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু একাংশ মধ্যভোগীৰ বিৰুদ্ধে সৰহভাগ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে খাৰবাল্লীৰ ৰাইজে ।

কলগাছিয়াত এমজিএনৰেগা আঁচনিৰ কামত ব্যপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 26, 2021, 12:41 PM IST

জনীয়া, 26 এপ্ৰিল: কলগাছিয়াৰ খাৰবাল্লীত এমজিএনৰেগা আঁচনিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিতৰ অভিযোগ ৷ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ৬২ নং বলাইপথাৰ গাঁও পঞ্চায়তৰ খাৰবাল্লীত এমজিএনৰেগা আঁচনিৰ ২০২০-২১ বৰ্ষৰ অধীনত খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ৰিং বান্ধ নিৰ্মাণৰ অনুমোদন দিয়ে ৷ এই নিৰ্মাণ কাৰ্যৰ বাবে চৰকাৰে ৯,০৪,৩৩২ টকা আৱণ্টন দিয়ে যদিও এই বান্ধ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু একাংশ মধ্যভোগীৰ বিৰুদ্ধে সৰহভাগ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰেৰে সামান্য পৰিমাণৰ কাম কৰি নিয়ম উলংঘা কৰাৰ লগতে ৬২ নং বলাইপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী শাহিদা খাতুন আৰু পঞ্চায়ত সদস্য বাহাৰুল ইছলামৰ বিৰুদ্ধে ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় ৰাইজে জনোৱা মতে, জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰেৰে কাম কৰি ধন আত্মসাত কৰে পঞ্চায়তৰ সভানেত্ৰীকে ধৰি সদস্যসকলে ।

এমজিএনৰেগা আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বাহাৰুল ইছলামে অতি নিম্নমানৰ কাম কৰি চৰকাৰী আঁচনিৰ ধন লুণ্ঠন কৰি জুৱা খেলত লোকচান কৰিছে বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত শীঘ্ৰে তদন্ত কৰাৰ লগতে পথ তথা বান্ধ ভালদৰে নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনায় ৷

লগতে পঢ়ক : ন্যায়ৰ আশাত বন্দী গৌৰীপুৰৰ এটা দুৰ্ভগীয়া পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.