ETV Bharat / state

বৰপেটাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

মঙলবাৰে বৰপেটা জিলাৰ বানক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ জিলাখনৰ জনীয়া সমষ্টিৰ বৰডাঙ্গা,গুইলেজাৰৰ লগতে জনীয়া সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি বানপানী আৰু বেঁকী নদীৰ গৰাখহনীয়াত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয় সভাপতি গৰাকীয়ে ৷ ইয়াৰ লগতে,কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনাধীন বিজেপি চৰকাৰে বান আৰু গৰাখহনীয়া সমস্যা সমাধানত সদিচ্ছা নাই বুলিও চৰকাৰক সমালোচনা কৰে সভাপতি গৰাকীয়ে ।

author img

By

Published : Jul 21, 2020, 3:29 PM IST

Ripun Bora Visit Flood Affected Area in barpeta
বৰপেটাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

জনীয়া, 21 জুলাই : কৰ'ণা মহামাৰীয়ে ৰাজ্যবাসীৰ মাজত সন্ত্ৰাস চলাই থকাৰ সময়তে অসমত সৃষ্টি হোৱাৰ প্ৰলয়ংকৰী বানে পুনৰ তচনচ কৰিছে ৰাজ্যবাসীক ৷ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈৰ জলপৃষ্ঠৰ বাবে ৰাজ্যৰ 30 খন জিলা ইতিমধ্যে বানপানীৰ কবলত পৰিছে ৷ বৰপেটা জিলাতো বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে ৷ জিলাখনৰ বিভিন্ন অঞ্চল পানীয়ে বুৰাই পেলাইছে ৷

মঙলবাৰে বৰপেটা জিলাৰ বানক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ জিলাখনৰ জনীয়া সমষ্টিৰ বৰডাঙ্গা,গুইলেজাৰৰ লগতে জনীয়া সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি বানপানী আৰু বেঁকী নদীৰ গৰাখহনীয়াত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয় সভাপতি গৰাকীয়ে ৷ ইয়াৰ লগতে,কেন্দ্ৰ আৰু ৰাজ্য শাসনাধীন বিজেপি চৰকাৰে বান আৰু গৰাখহনীয়া সমস্যা সমাধানত সদিচ্ছা নাই বুলিও চৰকাৰক সমালোচনা কৰে সভাপতি গৰাকীয়ে ।

আনহাতে,বানপানীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান গৰাখহনীয়াৰ বাবে পেকেজ ঘোষণা কৰিছিল যদিও ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্বলতাৰ বাবে সেই পেকেজ মোকলাই আনিব পৰা নাই বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

উল্লেখ্য যে,ৰাজ্যত নিতৌ বৃদ্ধি পাই আহিছে বানাক্ৰান্তৰ সংখ্যা ৷ উজনি-নামনিৰ 30 খন জিলা বানপানীৰ কবলত পৰিছে ৷ চৰকাৰে বানাক্ৰান্ত ৰাইজক সহায়-সহযোগিতা কৰাৰ বাবে সকলো সময়তে সষ্টম হৈ আছে যদিও বানত মৃত্যু বৰণ কৰা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাই আহিছে ৷ ইতিমধ্যে বানাক্ৰান্ত ৰাইজে ঘৰ-মাটি এৰি ওখ ঠাই আৰু মথাউৰিত আশ্ৰয় লৈছে ৷

লগতে পঢ়ক : বানৰ শেহতীয়া খবৰঃ এইপৰ্যন্ত মৃত্য়ু 85, ক্ষতিগ্ৰস্ত 24,48,128 গৰাকী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.