ETV Bharat / state

বদৰুদ্দিন আজমলে বিচাৰিলেই কংগ্ৰেছে এৰি নিদিয়ে বৰপেটাৰ পাঁচখন আসন - ৰাজনৈতিক দলৰ গণভিত্তি

এ আই ইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমলে বৰপেটাৰ ৫খন আসন বিচাৰিব বুলি কৰা মন্তব্য সম্পৰ্কীয় প্ৰতিক্ৰিয়াত ৰিপুন বৰাই কয় যে, তেতিয়া হ’লেতো মিত্ৰতা কৰাৰ কথা পতাৰেই প্ৰয়োজন নাই ৷ এ আই ইউ ডিএফে সেই কথা ক’লেও মডেলিটীৰ ভিত্তিত আসন বুজাবুজি হ’ব ৷ যিবোৰ সমষ্টি যি দলৰ দখলত আছে আৰু যিবিলাক সমষ্টিত যিবোৰ ৰাজনৈতিক দলৰ গণভিত্তি আছে আসন বুজাবুজিৰ ক্ষেত্ৰত সেইবোৰ কথা বিবেচনা কৰা হ’ব ৷

congress protest
congress protest
author img

By

Published : Oct 10, 2020, 5:08 PM IST

বৰপেটা ১০ অক্টোবৰ : ৰাজ্যজুৰি শনিবাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে বিৰোধী দল কংগ্ৰেছে ৷ নতুন কৃষি আইন, বিভিন্ন নিযুক্তি কেলেংকাৰী আদি বিষয় সন্দৰ্ভত শাসনৰ গাদীত থকা বিজেপি দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাজ্যৰ মূল বিৰোধী দলটো ৷ বৰপেটাত কৃষক বিৰোধী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত সৰুক্ষেত্ৰীৰ কয়াকুছিৰ পৰা বৰপেটালৈ কংগ্ৰেছৰ প্ৰতিবাদী সমদল ৷ প্ৰতিবাদী সমদলৰ নেতৃত্ব বহন কৰি ৰিপুন বৰাই কয় যে, ৰাজ্যত কংগ্ৰেছৰ জোৱাৰ উঠিছে, মানুহে কংগ্ৰেছক বিচাৰিছে ৷ বিজেপিৰ মিথ্যাচাৰ, অত্যাচাৰ ফাকিবাজ, ভ্ৰষ্টাচাৰৰ পৰা ৰাইজে মুক্তি বিচাৰি বিজেপিক প্ৰত্যাখ্যান কৰিব বিছাৰিছে ৷

এ আই ইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমলে বৰপেটাৰ ৫খন আসন বিচাৰিব বুলি কৰা মন্তব্য সম্পৰ্কীয় প্ৰতিক্ৰিয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে, তেতিয়া হ’লেতো মিত্ৰতা কৰাৰ কথা পতাৰেই প্ৰয়োজন নাই ৷

বদৰুদ্দিনে বিচাৰিলেই কংগ্ৰেছে এৰি নিদিয়ে বৰপেটাৰ পাঁচখন আসন

এ আই ইউ ডিএফে সেই কথা ক’লেও মডেলিটীৰ ভিত্তিত আসন বুজাবুজি হ’ব ৷ যিবোৰ সমষ্টি যি দলৰ দখলত আছে আৰু যিবিলাক সমষ্টিত যিবোৰ ৰাজনৈতিক দলৰ গণভিত্তি আছে আসন বুজাবুজিৰ ক্ষেত্ৰত সেইবোৰ কথা বিবেচনা কৰা হ’ব ৷ আসন বুজাবুজিৰ ক্ষেত্ৰত বিগত বিধানসভা, লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত কোনদলে কিমান ভোট লাভ কৰিছিল সেই কথাৰ ওপৰত আসন বুজাবুজি নিৰ্ভৰ কৰিব বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷

আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰীৰ তদন্তক আমি নামানো আৰু তদন্তৰ নামত এয়া ভেকো-ভাৱনা আখ্যা ৰিপুন বৰাৰ ৷ আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে আৰু কংগ্ৰেছে ন্যায়িক তদন্ত বিচাৰিছে ৷ যেতিয়ালৈকে মুখ্যমন্ত্ৰী শাসনত থাকিব তেতিয়ালৈকে তদন্ত নিৰপেক্ষ নহ’ব আৰু তদন্তত হস্তক্ষেপ হ’ব বুলি মন্তব্য ৰিপুন বৰাৰ ৷ আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰীৰ তদন্তৰ ওপৰত কংগ্ৰেছৰ বিশ্বাস নাই বুলি জনায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে ৷

লগতে পঢ়ক : কৃষক আইনৰ বিৰুদ্ধে হাতে হাতে নাঙল-যুঁৱলি লৈ কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.