ETV Bharat / state

শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত ৰিপুণ বৰা

author img

By

Published : Apr 12, 2021, 10:28 PM IST

বজালী জিলাৰ ভাৰেগাঁৱৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত সোমবাৰে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা । শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা ৰিপুণ বৰাৰ ৷ শ্বহীদ পৰিয়ালৰ সৈতে বার্তালাপ কংগ্ৰেছ নেতাগৰাকীৰ ৷

ripun bora at martyr dilip dass residency
শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত ৰিপুন বৰা

পাঠশালা, 12 এপ্ৰিল : মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত দেশৰ বাবে প্ৰাণ আহুতি দিয়া চিআৰপিএফ জোৱান দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ সোমবাৰে প্ৰয়াত জোৱান গৰাকীৰ বাসগৃহত উপস্থিত হৈ বৰাই শ্বহীদ গৰাকীৰ ত্যাগক সুঁৱৰি তেওঁৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনায় ৷

শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত ৰিপুণ বৰা

শ্বহীদ দাসৰ পৰিয়ালৰ সদস্যৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে শোক প্ৰকাশ কৰাৰ লগতে শ্বহীদ পৰিয়ালৰ বাবে প্ৰয়োজনীয় সকলোখিনি কৰাৰ আগ্ৰহ প্ৰকাশ কৰে ৷

অসমত এইবাৰ কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰি সদ্যসমাপ্ত নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি বৰাই মন্তব্য কৰে ৷ বিগত পাঁচ বছৰত ভাৰতৰ বিভিন্ন ৰাজ্যত হৰ্ছ ট্ৰেডিঙৰ জৰিয়তে বিজেপিয়ে চৰকাৰ গঠন কৰিছে বুলি দাবী কৰাৰ লগতে বিজেপিয়ে হৰ্ছ ট্ৰেডিঙৰ আশ্ৰয় লোৱাৰ ভয়তে এ আই ইউ ডি এফে প্ৰাৰ্থীসকলক অসমৰ বাহিৰলৈ প্ৰেৰণ কৰা বুলিও জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : শেষ আখৰাত ব্যস্ত ঔগুৰী কপহুৱা সোণৰ খাৰু জেংবিহু দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.