বৰপেটা,২৩ মাৰ্চ : বৰপেটা চহৰত শেহতীয়াকৈ সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । বিলৰটাৰী হাটীত ৰাজপথতে নিৰ্মমভাৱে হত্যা কৰা হৈছিল ৰিণিমা বেগম নামৰ এগৰাকী মহিলা অধিবক্তাক (Barpeta advocate murder case)। এই ঘটনাৰ অভিযুক্ত আব্দুৰ ৰহমান ওৰফে জুম্মাক গ্ৰেপ্তাৰৰ (Rinima Begum murder accused arrested) পাছতে ঘটনাই নতুন মোৰ লোৱা দেখা গৈছে ।
জানিব পৰা মতে পূৰ্বৰ এক হত্যাকাণ্ডৰ অভিযুক্ত আছিল ৰিণিমা বেগম (Rinima Begum was accused in a murder case) । প্ৰায় ১২ বছৰ পূৰ্বে তুম্মা নামৰ এগৰাকী লোকক নিশা নিজ ঘৰতে হত্যা কৰা হৈছিল । সেই হত্যাৰ অভিযুক্ত আছিল ৰিণিমা বেগম ৷ হত্যাৰ অভিযোগত কাৰাবাসলৈও গৈছিল ৰিণিমা বেগম । এতিয়াও ৰিণিমা বেগমৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে গোচৰ ৷
মৃত তুম্মাৰ জ্যেষ্ঠ ভাতৃ আব্দুৰ ৰহমান ওৰফে জুম্মাক সোমবাৰে নিশা আৰক্ষীয়ে ৰিণিমা বেগমৰ হত্যাকাণ্ড সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই ৰহস্য পোহৰলৈ আহিছে ৷ ইফালে আব্দুৰ ৰহমান ওৰফে জুম্মা ৰিণিমা হত্যাকাণ্ডৰ সৈতে জড়িত নহয় বুলিও পৰিয়ালৰ লোকে দাবী কৰিছে ৷ জুম্মাৰ পত্নীৰ দাবী, হত্যাকাণ্ডৰ সময়ত পত্নীৰ সৈতে বজাৰলৈ গৈছিল স্বামী আব্দুৰ ৰহমান ওৰফে জুম্মা ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত কৰ্মৰত পত্নীক হাস্পতালৰ পৰা লৈ অনাৰ পাছত বজাৰ কৰিবলৈ গৈছিল দুয়োগৰাকী ।
ইফালে পুৰণি হত্যাৰ প্ৰতিশোধ ল'বলৈ ৰিণিমা বেগমক আব্দুৰ ৰহমান ওৰফে জুম্মাই হত্যা কৰা বুলি অভিযোগ উঠিছে । আনকি নিশাৰ আন্ধাৰত ৰিণিমা বেগমৰ জ্যেষ্ঠ ভগ্নীয়ে হত্যাকাৰীক চিনি পোৱা বুলিও দাবী কৰিছে । অৱশ্যে এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে হত্যাৰ অভিযুক্ত জুম্মাৰ পৰিয়ালে ।
লগতে পঢ়ক :Barpeta advocate murder case: অধিবক্তা ৰিণিমা হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক আটক