বৰপেটা, 19 জুন : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেউকুৰা গাঁৱত শুকুৰবাৰে পুৱা সুলভ মূল্যৰ চোৰাং চাউলসহ এখন গাড়ী জব্দ কৰে স্থানীয় লোকে । জব্দ কৰা গাড়ীখনত আছিল 16 বস্তা চাউল । আদালত খান নামৰ সুলভ মূল্যৰ দোকানীৰ পৰা বেপাৰীয়ে চাউলখিনি কিনি অনাৰ সময়তে ৰাইজে জব্দ কৰে গাড়ীখন । চাউলসহ জব্দ কৰা গাড়ীখনলৈ চালকে সুযোগ বুজি পলায়ন কৰে বুলি জানিব পৰা গৈছে ।
একাংশ গ্ৰাহকে চাউলখিনি সুলভ মূল্যৰ দোকানী আদালত খানৰ ওচৰত বিক্ৰী কৰি থৈ যোৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে যদিও গাড়ীত থকা চাউলৰ এটা বস্তাৰো পেকেট খোলা হোৱা নাছিল। বৰ্তমান আৰক্ষীক সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়ক: মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া