ETV Bharat / state

পীযুষ হাজৰিকাৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ - ভাবুকি

কলগাছিয়াত সাংবাদিকৰ প্ৰতিবাদ ৷ সাংবাদিকক ভাবুকি দিয়া মন্ত্ৰী পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী ৷ সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আহ্বান ৷

reporters-protest-kalgasia
কলগাছিয়াত পীযুষ হাজৰিকাৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ
author img

By

Published : Apr 3, 2021, 1:34 PM IST

বৰপেটা,3 এপ্ৰিল: অভিনেত্ৰী পত্নী আইমী বৰুৱাৰ এটা বিতৰ্কিত বক্তব্যৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই দুটাকৈ চেটেলাইট চেনেলৰ দুগৰাকী সাংবাদিকক শাৰিৰীক আক্ৰমণ, যিকোনো ধৰণৰ অপকাৰ সাধন কৰাৰ ভাবুকি ফোনযোগে প্ৰদান কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে সমগ্ৰ ৰাজ্যৰ সাংবাদিক, দল-সংগঠন, সচেতন মহলৰ প্ৰতিবাদৰ সন্মুখীন হৈছে মন্ত্ৰী পীযুষ হাজৰিকা ৷

সমগ্ৰ ৰাজ্যৰ লগতে কলগাছিয়াতো কলগাছিয়া প্ৰেছ ইউনিয়ন আৰু কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ যৌথ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে ক'লা বেজ পৰিধান কৰি পীযুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰক, সাংবাদিকৰ নিৰপত্তাৰ ব্যৱস্থা কৰক, পীযুষ হাজৰিকাৰ গুণ্ডাগিৰি নচলিব, পীযুষ হাজৰিকাৰ মনোনয়ন খাৰিজ কৰক, সাম্প্ৰদায়িক মন্তব্য বন্ধ কৰক, গৃহ বিভাগ হায় হায়, পীযুষ হাজৰিকা হায় হায়, পীযুষ হাজৰিকা লেই-লেই, ছেই-ছেই আদি শ্ল’গানেৰে উত্তাল কৰি তোলে কলগাছিয়াৰ আকাশ-বতাহ ৷

মন্ত্ৰী গৰাকীৰ এনে অসাংবিধানিক মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সাংবাদিকসকলে ৷ পীযুষ হাজৰিকাৰ বিৰুদ্ধে অসমৰ গৃহ বিভাগ আৰু নিৰ্বাচনী আয়োগে ব্যৱস্থা গ্ৰহণ নকৰিলে, আগন্তুক সময়ত গণতান্ত্ৰিক আন্দোলন হাতত লোৱাৰ লগতে বিজেপি আৰু পীযুষ হাজৰিকাৰ সকলো ধৰণৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰিছে কলগাছিয়া প্ৰেছ ইউনিয়ন আৰু কলগাছিয়া মহকুমা সাংবাদিক সন্থাই ।

লগতে পঢ়ক : পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.