কলগাছিয়া, 16 জুলাই: কলগাছিয়া ৰাজহ চক্ৰৰ কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পূৱ কলগাছিয়া গাঁৱত উত্তেজনাময় পৰিৱেশ ৷ বান সাহাৰ্যৰ চাউল আৰু দাইল চুৰি কৰা ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ ।
উল্লেখ্য যে,কলগাছিয়া গাঁও পঞ্চায়তৰ 2নং খণ্ডৰ খণ্ড সদস্য মফিদুল ইছলাম আৰু গাঁওবুঢ়া মুন্নাফ আলীয়ে উক্ত গাঁওখনৰ ময়নাল হক,কাশেম আলী,ছায়েদ আলী,দিলদাৰ,তাজু,ছাদেম,হাশেম আৰু বাদশাক গাঁওখনৰ ৰাইজক বান সাহাৰ্যৰ চাউল আৰু দাইলখিনি সমান হাৰে বিতৰণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল ।
কিন্তু বিতৰণৰ দায়িত্ব পোৱা উক্ত ব্যক্তি কেইজনে তিনি বেগ চাউল আৰু দুই বেগ দালি লুকাই ৰাখে । পিচত খণ্ড সদস্য মফিদুল ইছলাম আৰু গাঁওবুঢ়া মুন্নাফ আলীয়ে সমগ্ৰ বিষয়টোৰ প্ৰতি অৱগত হোৱাত লোক কেইজনৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হৈ পৰে । এই ঘটনাক কেন্দ্ৰ কৰি বানাক্ৰান্ত ৰাইজ কিছু উত্তেজিত হৈছিল যদিও বৰ্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে ।
ৰাইজৰ ভাষ্য অনুসৰি খণ্ড সদস্য মফিদুল ইছলাম আৰু গাঁওবুঢ়া মুন্নাফ আলীৰ এই ক্ষেত্ৰত কোনো ভুল নাই যদিও অভিযুক্তৰ বিৰুদ্ধে শাস্তি প্ৰদানৰ আহ্বান জনায় ৷
লগতে চাওক-50 মিলিয়ন হ'ল শ্ৰদ্ধাৰ ইনষ্টা অনুৰাগী,ধন্যবাদ জনালে তিনিটাকৈ ভাষাত