ETV Bharat / state

সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ সাহায্য বিতৰণ

author img

By

Published : Apr 7, 2020, 2:54 PM IST

লক ডাউনৰ বাবে দৰিদ্ৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল সৰ্থেবাৰীৰ নসত্ৰত অৱস্থিত কৃষ্ণগুৰু সেৱাশ্ৰম কৰ্তৃপক্ষ ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত পৰা লোকসকলৰ ওচৰত থিয় দি বিভিন্ন সামগ্ৰী বিতৰণ কৰে সেৱাশ্ৰম কৰ্তৃপক্ষই ৷

Relief on behalf of nasatra krishnaguru sewasram
সাহায্য বিতৰণ

বৰপেটা,৭ এপ্ৰিলঃ বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু প্ৰেমানন্দ প্ৰভুৰ তত্বাৱধানত আৰু কৃষ্ণগুৰু আন্তৰ্জাতিক পৰিচালনা সমিতিৰ সহযোগিতাত ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে সেৱাশ্ৰমৰ তৰফৰ পৰা সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিহা, এৰা, বামুন্দী, নামশলা পামকে ধৰি কেইবাখনো গাঁৱৰ 900 পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।

সাহায্য বিতৰণ

ভক্তি মাতৃ গৰাকীয়ে লোকসকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সঘনাই হাত ধুবলৈ আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ৷ সমান্তৰালকৈ জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসা কৰ্মী-ধাত্ৰী আৰু সংবাদমাধ্যমৰ কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে কুন্তলা পাটোৱাৰী গোস্বামীয়ে ।

লগতে চাওকঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত যোগান বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.