বৰপেটা,২৫ জুলাই: বিশ্ব হিন্দু পৰিষদে হিন্দুজা ফাউণ্ডেশ্যন আৰু মুকুল মাধৱ ফাউণ্ডেশ্যনৰ উদ্যোগত বৰপেটা, পাঠশালা, সৰভোগ, বৰপেটা ৰোড আদিকে ধৰি জিলাখনৰ শতাধিক আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ বৰপেটা জিলা সমিতিৰ সম্পাদক গৌতম দাস, বজৰংগ দলৰ জিলা সংযোজক হিতেশ ৰয়ৰ লগতে কেবাগৰাকীও কাৰ্যকৰ্তা উপস্থিত থাকে ৷
বিশ্ব হিন্দু পৰিষদে বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যৰ শলাগ লৈছে জিলাখৰ বান ক্ষতিগ্ৰস্ত ৰাইজে ৷