বৰপেটাৰোড, 18 নৱেম্বৰ: বৰনগৰৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ৰিদমৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ওভাৰ ব্ৰীজ তথা ৰাজহুৱা দেৱালত অংকণ কৰিছে সুন্দৰ ছবি ৷ সাংস্কৃতিক গোষ্ঠীটোৱে পূৰ্বৰ পৰা নাটকৰ লগত জড়িত আছিল যদিও বৰ্তমান ব্যস্ত হৈ পৰিছে চিত্ৰকলাৰ লগত ৷ সৰভোগৰ ওভাৰ ব্ৰীজখনত চিত্ৰ অংকন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে সাংস্কৃতিক গোষ্ঠীটোৰ সদস্য সকলে ৷ সাধাৰনতে সৰভোগৰ লগতে অসমৰ বিভিন্ন ঠাইত থকা দলং,ওভাৰ ব্ৰীজ তথা দেৱালত ব্যক্তিগত খণ্ডৰ বিভিন্ন বিজ্ঞাপন দেখিবলৈ পোৱা যায় ৷ কিন্তু বিজ্ঞাপনৰ পৰিৱৰ্তে এইবাৰ সৰভোগৰ ওভাৰ ব্ৰীজ তথা ৰাজহুৱা দেৱালত দেখিব কিছু ব্যতিক্ৰমী ছবি ৷
বৰনগৰৰ ৰিদম সাংস্কৃতিক গোষ্ঠীয়ে সৰভোগৰ ওভাৰ ব্ৰীজৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে ২০১৯ চনতে চিত্ৰ অংকন কৰাৰ এক পৰিকল্পনা হাতত লৈছিল ৷ সেই পৰিকল্পনা মতে অভাৰ ব্ৰীজত চিত্ৰ অংকণ কৰাৰ কাম আৰম্ভ কৰে 2020 চনত ৷ এই সু-পৰিকল্পনাৰ উদ্বোধন কৰিছিল নামনি অসমৰ জনপ্ৰিয় চিত্ৰকাৰ পৱিত্ৰ সৰকাৰে ৷ এই উদ্ধোধনী অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু জনপ্ৰিয় অভিনেতা যতীন বৰাও উপস্থিত আছিল ৷ ৰিদম গোষ্ঠীৰ এনে পদক্ষেপক সৰভোগবাসীয়ে প্ৰশংসা কৰাৰ লগতে চিত্ৰ অংকণ কৰাতো সৰভোগ তথা বৰনগৰীয়া ৰাইজে শাৰীৰিক আৰু মানসিক সহযোগিতাৰ লগতে বিভিন্ন জনে আৰ্থিকভাৱেও সহায় সহযোগিতা কৰিছে ৷
লগতে পঢ়ক: ধিঙত পথ নিৰ্মাণত পঞ্চায়তৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ