বৰপেটা,14 নৱেম্বৰঃ নতুনকৈ নিযুক্তি পোৱা NRCৰ সমন্বয়ক হিতেশ শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ । বহুদিন হোৱাৰ পিছতো NRC ৰ চূড়ান্ত তালিকা অনুমোদন নিদিয়াৰ অভিযোগ শৰ্মাৰ বিৰুদ্ধে । হিতেশ শৰ্মাই বিভিন্ন সামাজিক মাধ্যমত এটা জনগোষ্ঠীক লক্ষ্য কৰি বিতৰ্কিত পোষ্ট কৰাৰ বাবেই শৰ্মাক বিতৰ্কিত ব্যক্তি বুলি অভিযোগ বিধায়ক গৰাকীৰ । লগতে হিতেশ শৰ্মাক NRCৰ সমন্বয়ক পদৰ পৰা আতৰাই এজন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক বিষয়াক নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান বিধায়ক ৰফিকুলৰ। NRC সমন্বয়ক পদত ধৰ্মনিৰপেক্ষ ব্যক্তিক নিযুক্তি নিদিলে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ জনীয়াৰ বিধায়ক গৰাকীৰ ৷
লগতে চাওকঃ গোলাঘাটত ড্ৰাগছৰ অবাধ সৰবৰাহৰ আঁৰৰ মূল কাণ্ডাৰী গ্ৰেপ্তাৰ