ETV Bharat / state

জনীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ কৰ্মী সভা

সমাগত নিৰ্বাচনত মুঠ ৫০ খন আসনত প্ৰাৰ্থী আগবঢ়াৱ ৷ ৰাষ্ট্ৰীয় জনতা দলৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি সোনাৰুল শ্বাহ মুস্তাফা উপস্থিত থাকি বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷

author img

By

Published : Sep 23, 2020, 9:53 PM IST

Rastriyo Janata Party  meeting
জনীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ কৰ্মী সভা

জনীয়া,23 ছেপ্তেম্বৰঃ সমাগত ২০২১ ৰ অসম বিধান সভাৰ নিৰ্বাচনক লক্ষ্য কৰি বুধবাৰে নোৱাগাঁৱত লালু প্ৰসাদ যাদৱ নেতৃত্বধীন ৰাষ্ট্ৰীয় জনতা দলৰ এখন কৰ্মী সভা অনুষ্ঠিত হয়। বঙাইগাঁও জিলা কমিটিৰ সভাপতি হজৰত আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মী সভাত মূখ্য অতিথি হিচাপে ৰাষ্ট্ৰীয় জনতা দলৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি সোনাৰুল শ্বাহ মুস্তাফা উপস্থিত থাকি বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে।

জনীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ কৰ্মী সভা

সভাপতি গৰাকীয়ে ৰাষ্ট্ৰীয় জনতা দলৰ ভেটি মজবুত কৰাৰ বাবে কৰ্মী সকলক আহ্বান জনায়। সমাগত নিৰ্বাচনত মুঠ ৫০ খন আসনত প্ৰাৰ্থী আগবঢ়াৱ বুলি জানিবলৈ দিয়ে। উক্ত কৰ্মী সভাত কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আস্ৰাকুল আৰিফ শিকদাৰ, সাধাৰণ সম্পাদক আব্দুল মজিদ, ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ছায়েদ আলী আহমেদ, বঙাইগাঁও জিলা কমিটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম প্ৰমুখ্যে জিলা খনৰ পৰা অহা ভালেসংখ্যক কৰ্মী উপস্থিত থাকে। ইপিনে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী আৰু বঙাইগাঁও বিধান সভা সমষ্টিত ৰাষ্ট্ৰীয় জনতা দলে প্ৰতিদ্বন্দিতা কৰিব বুলি বুধবাৰৰ কৰ্মী সভাতে স্পষ্ট কৰে।

লগতে পঢ়কঃ চিলাপথাৰত ৰেল কৰ্মচাৰী সৈতে স্থানীয় ৰাইজৰ বাক-বিতণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.