বৰপেটা,17 ডিচেম্বৰ : বৰপেটাত উদ্ধাৰ এটা দূস্প্ৰাপ্য বৰটোকোলা(rare lesser adjutant recovered in barpeta) ৷ বৰপেটাৰ গলিয়াহাটীৰ ফুলগুৰি বাহা থানৰ সমীপৰ এজোপা ওখ গছত দীৰ্ঘদিন ধৰি বাঁহত আশ্ৰয় লৈ আছিল কেবাটাও বৰটোকোলাই ৷ ৫ টাকৈ পোৱালিৰ লগতে দুটা প্ৰাপ্তবয়স্ক বৰটোকোলাই আশ্ৰয় লৈ থকা গছডালৰ বাহৰ পৰা এটা বৰটোকোলাৰ পোৱালি মাটিত পৰি আহত হয় ৷
ইয়াৰ পিচতে বন বিভাগৰ লোকে এই খবৰ লাভ কৰি বৰটোকোলাটো উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ কৰিলে ব্যৱস্থা ৷ পৰৱৰ্তী সময়ত বন বিভাগে বৰটেকোলাটো চিকিৎসা আৰু পুনৰ্বাসনৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ হাতত অৰ্পণ কৰে ৷ ক্ৰমাৎ বিলুপ্তিৰ দিশলৈ আগবঢ়া বৰটোকোলাটো উদ্ধাৰৰ ক্ষেত্ৰত বৰপেটা চহৰৰ গলিয়াহাটীৰ স্থানীয় লোকৰ লগতে বৰপেটা বন বিভাগৰ লোকে লোৱা তৎপৰতাক প্ৰকৃতিপ্ৰেমীয়ে কৰিলে প্ৰশংসনীয় ৷
লগতে পঢ়ক : কিয় পুনৰ কা’ বিৰোধী আন্দোলন হ’লে ভাল পায় ৰণজিৎ দাসে ?