ETV Bharat / state

বিজেপিৰ কাৰ্যকালত সম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই: ৰণজিৎ দাস

author img

By

Published : Nov 8, 2020, 10:47 PM IST

দেওবাৰে বৰপেটা ৰোডৰ গোৱৰ্ধনাত বৃহত্তৰ অঞ্চলটোত নৱ নিৰ্মিত শক্তি প্ৰকল্প উন্মোচন ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷ কাৰ্যসূচীত অংশ লৈ তেওঁ কয় যে, বিটিচিৰ পাল্চৰ বিষয়ে তেওঁতকৈ আন কোনেও নাজানে,সেয়েহে তেওঁ বিটিচিলৈ বেছিকৈ যায় ৷

ranjit kumar das on communal clash in barpeta
বিজেপিৰ কাৰ্যকালত সম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই : ৰণজিৎ দাস

বৰপেটাৰোড,8 নৱেম্বৰ : বিটিচিৰ পাল্চৰ বিষয়ে ৰণজিৎ কুমাৰ দাসতকৈ চৰকাৰ বা বিজেপি দলে বেছি নাজানে ৷ সেইবাবে ৰণজিৎ কুমাৰ দাসে অধিক সময়ৰ বাবে বিটিচিলৈ যায় ৷ এই মন্তব্য সৰভোগৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷

পূৰ্বে বিটিচিত বহু বৈষম্য হৈছে ৷ মানুহে যিখিনি পাবলগীয়া আছিল পূৰ্বতে পোৱা নাই ৷ জবকাৰ্ডকে ধৰি বহুত দুৰ্নীতি হৈছে ৷ সেই কাৰণে জব কাৰ্ডসমূহ জব্দ কৰিবলৈ ৰাজ্যপালক আহ্বান জনোৱা হৈছে ৷ শ্ৰমিকৰ জব কাৰ্ডসমূহ ভিচিডিচি সমূহৰ পৰা নি শ্ৰমিকৰ হাতত পোনপটীয়াকৈ দিয়াৰ কথাও কোৱা হৈছে বুলিও কয় ৰণজিৎ কুমাৰ দাসে ৷ কোকৰাঝাৰ, চিৰাং বাক্সা আৰু ওদালগুৰীবাসীয়ে পৰিবৰ্তন বিচাৰিছে বুলি উল্লেখ কৰি এইবাৰ বিটিচি বিজেপিয়ে দখল কৰিব বুলি কয় ৷ লগতে হাগ্ৰামা মহিলাৰীয়ে এইবাৰ ভয় খাইছে বুলি মন্তব্য কৰি তেওঁক উদ্দেশ্যি কয় যে, আগন্তুক দিনত ভাল কাম কৰিলে ৰাইজে ভৱিষ্যতে আকৌ ক্ষমতাত বহুৱাবও পাৰে ৷

দেওবাৰে বৰপেটা ৰোডৰ গোৱৰ্ধনাত বৃহত্তৰ অঞ্চলটোত নৱ নিৰ্মিত শক্তি প্ৰকল্প উন্মোচন কৰি সভাপতি দাসে লগতে কয় যে, ‘‘আজমলৰ দিনত বা কংগ্ৰেছৰ দিনত বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল । বিজেপিৰ দিনত কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই । আজমলে পূৰ্বে কৈছিল, ৰণজিৎ কুমাৰ দাস সৰভোগৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’লে মছজিদ মাদ্ৰাছা ভাঙি দিব’’ ৷

কিন্তু তেওঁ সদায় সংখ্যালঘুৰ লগত আছে বুলি উল্লেখ কৰি তেওঁৰ দিনত মছজিদ মাদ্ৰাছাত সহায়হে কৰিছে বুলি দাসে উল্লেখ কৰে ৷ 2021ত বিজেপি ক্ষমতালৈ আহিলে মা-ভগ্নীক ধৰ্ষণ কৰিব বুলি আজমলে কোৱা কথাত ৰণজিৎ কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘‘বিজেপিৰ চাৰে চাৰিটা বছৰত ক’তো সম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই’’ ৷

2014 চনত কোকৰাঝাৰ আৰু শোণিতপুৰত যি ঘটনা সংঘটিত হৈছিল, সেই ঘটনাৰ বুজ ল’বলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ৰাজনাথ সিং অসমলৈ আহিছিল ৷ সেই দিনৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ হত্যা-অপহৰণৰ দৰে ঘটনা সংঘটিত হোৱা নাই বুলিও ৰণজিৎ কুমাৰ দাসে উল্লেখ কৰে ৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত বিটিচিত অল ক্লিয়াৰ অপাৰেশ্যনৰ জৰিয়তে শান্তি স্থাপন কৰাৰ কথাও দোহাৰে ৰণজিৎ কুমাৰ দাসে ৷ লগতে আগন্তুক বিটিচি নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ লগত মিত্ৰতা নাই বুলি উল্লেখ কৰি একমাত্ৰ বিটিচিবাসী ৰাইজৰ লগতহে মিত্ৰতা থকাৰ কথা উল্লেখ কৰে ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ কাৰ্যকালত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সাত লাখ লোকৰ ভিতৰত চাৰে তিনি লাখ সংখ্যালঘু লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া বুলিও উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷

সভাপতি ৰণজিৎ কুমাৰ দাসে হাগ্ৰামা মহিলাৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিপিএফে অক্সিজেন দিয়া দূৰৈৰ কথা,এইবেলি বিটিচি নিৰ্বাচনত বুজি পাব বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা কিমান আছে । সভাপতি ৰঞ্জিত কুমাৰ দাসে গোৱৰ্ধনাত নিৰ্মিত শক্তি প্ৰকল্পটোৱে বাক্সা-বৰপেটাৰ বিভিন্ন অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক : ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ তালিকাত বকলীয়াঘাটৰ উজ্জ্বল কুমাৰ সাহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.