বৰপেটা, 9 মে' : বৰপেটাৰ বিশিষ্ট সাহিত্যিক কলাগুৰু বিষ্ণুৰাভা বঁটাপ্ৰাপক গোকুল পাঠক অসুস্থ হৈ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বৰপেটাৰ অংকুৰম চিকিৎসালয়ত ৷
শনিবাৰে বিশিষ্ট সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ বুজ লয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ চিকিৎসালয়খনত উপস্থিত হৈ ৰণজিৎ কুমাৰ দাসে সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সাহিত্যিক গৰাকীৰ 'বৰপেটা সত্ৰৰ ইতিহাস' গ্ৰন্থখন পুনৰ প্ৰকাশৰ দায়িত্ব বহন কৰে ৷
ইতিমধ্যে গোকুল পাঠকে ৰচনা কৰা 'বৰপেটা সত্ৰৰ ইতিহাস' গ্ৰন্থখনৰ অষ্টম সংস্কৰনৰ কপি বজাৰত পাবলৈ নোহোৱা হোৱাত গ্ৰন্থখনৰ নৱম সংস্কৰণটো প্ৰকাশৰ দায়িত্ব গ্ৰহন কৰে ৰনজিৎ কুমাৰ দাসে ৷
চিকিৎসালয়খনত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক : কৰিমগঞ্জত সাজু চাৰিটা কোৱাৰেণ্টাইন কক্ষ