ETV Bharat / state

বদৰুদ্দিন আজমলৰ ভোট আমাক নালাগে: ৰনজিৎ দাস - ৰণজিৎ কুমাৰ দাস

সোমবাৰে বৰপেটাত অনুষ্ঠিত ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটৰ লগতে উপ-পৰিদৰ্শক পৰীক্ষা কাণ্ড সন্দৰ্ভতো মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷

ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ অনুষ্ঠান

author img

By

Published : Oct 5, 2020, 4:53 PM IST

বৰপেটা, ৫ অক্টোবৰ: সোমবাৰে বৰপেটাত অনুষ্ঠিত হয় ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ অনুষ্ঠান ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে সোমবাৰে ২৮৩ টা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰে ৷ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস আৰু বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাইয়ো অংশগ্ৰহণ কৰে ৷

বদৰুদ্দিন আজমলৰ ভোট আমাক নালাগে: ৰনজিৎ দাস

অনুষ্ঠানত উপস্থিত থাকি পূৰ্বৰ কংগ্ৰেছ চৰকাৰে খিলঞ্জীয়া লোকৰ পৰিৱৰ্তে চৰৰ মানুহক মাটিৰ পট্টা দিছিল যদিও বিজেপি চৰকাৰে খিলঞ্জীয়া লোককহে ভূমিৰ পট্টা দিব বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস ৷ পৰৱৰ্তী পৰ্যায়ত প্ৰতিজন ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা দিব বুলিও দৃঢ় মন্তব্য কৰে ৰনজিৎ কুমাৰ দাসে ৷

আনহাতে তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈ বিজেপি অকলশৰীয়া হৈ পৰা বুলি বদৰুদ্দিন আজমলে কৰা মন্তব্য সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰনজিৎ কুমাৰ দাসে ৷ তেওঁ কয়, বিজেপি অকলশৰীয়া নহয়, বিজেপিৰ সৈতে অসমৰ ৰাইজ আছে ৷ বিগত লোকসভাত ৯ খন আসন লাভ কৰাৰ লগতে লোকসভাৰ ১০ টা সমষ্টিতে ৬৪ লাখ ভোট লাভ কৰিছে ৷ বদৰুদ্দিন আজমলে আমাক অকলশৰীয়া কৰাক লৈ আপত্তি নাই বুলি প্ৰকাশ কৰে তেওঁ ৷

ৰনজিৎ দাসৰ মন্তব্য- বদৰুদ্দিন আজমলৰ ভোট আমাক নালাগে ৷ পূৰ্বতেও কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা আছিল ৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই ৰাজনৈতিকভাৱে আমাৰ ক্ষতি নকৰে বৰঞ্চ লাভহে কৰিব ৷ অৱশ্যে সামাজিকভাৱে কু-প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ বিধানসভা নিৰ্বাচনত এইবেলি বিৰোধীৰ দখলত থকা ৯ টা সমষ্টিও লাভ কৰিব বুলিও দাবী কৰে ৰণজিৎ দাসে ৷ আগন্তুক বিধানসভা নিৰ্বাচনত সৰুপথাৰ, গোলাঘাট, শিৱসাগৰ, নাজিৰা, তিতাবৰ, ডুমডুমা, নাওবৈছা আৰু বৰাকৰ লক্ষীপুৰ সমষ্টি দখল কৰিব বুলি আগতীয়া ভৱিষ্যৎ বাণীও কৰে তেওঁ ৷

আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাৰ কেলেংকাৰী সম্পৰ্কত কংগ্ৰেছে চি বি আইৰ তদন্ত বিচাৰি ৰাজপথত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ৷ তেওঁ কয়, পূৰ্বে ইউ পি এচ চি, এপিএচচি, বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতো ফাদিল হৈছিল ৷ আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিচতে মুখ্যমন্ত্ৰীয়ে তৎকালে পৰীক্ষা বন্ধৰ নিৰ্দেশ দিয়াৰ বাবে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ দিব লাগে বুলিহে মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক: নতুন দলে বিজেপিৰ ক্ষতি কৰিব নোৱাৰেঃ ভুৱনেশ্বৰ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.