ETV Bharat / state

বজালীলৈ সঘন আহ-যাহ বিজেপিৰ ৰাজ্যিক সভাপতিৰ - BJP State President

সঘনাই বজালীলৈ আগমন বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ ৷ পাটাছাৰকুছি অথবা ভৱানীপুৰ দখলৰ লক্ষ্য নেকি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ ! বজালীত এতিয়া ৰণজিৎ দাসক ৰাজকীয় আদৰণি জনতাৰ ৷

Ranjit das visited pathsala assam etv bharat news
ৰণজিৎ দাস
author img

By

Published : Sep 18, 2020, 6:29 PM IST

পাঠশালা,18 চেপ্তেম্বৰ: বিজেপিৰ শাসনকালত বজালী উন্নীত হ’ল এখন পূৰ্ণাংগ পৰ্যায়ৰ জিলালৈ ৷ বিজেপিৰ দিনতে বজালী মহাবিদ্যালয় উন্নীতকৰণ হ’ল ভট্টদেৱ বিশ্ববিদ্যালয়লৈ ৷ এতিয়া বজালীত চৌদিশে মাথো উন্নয়নৰ জোঁৱাৰ ৷ বজালীৰ উন্নতি সাধন কৰিবলৈ সংকল্পবদ্ধ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস ৷ ৰণজিৎ দাসৰ সঘন বজালী আগমনে উদ্ৰেক ঘটাইছে বহু প্ৰশ্নৰ ৷

সমষ্টিবাসীৰ মাজত বিজেপিৰ ৰাজ্যিক সভাপতি

বিগত সময়চোৱাত বজালীৰ বিভিন্ন প্ৰেক্ষাপটত সঘনাই দেখিবলৈ পোৱা এগৰাকী ব্যক্তি হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস ৷ এই সময়ছোৱাত দাসে বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে স্থাপন কৰে পথ নিৰ্মাণৰ আধাৰশিলা ৷ বজালীবাসীয়েও বিপুল আদৰণি জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক ৷ বজালীৰ সমান্তৰালকৈ দাসে এশ শতাংশ সময় দিছে সৰভোগ সমস্তিত ৷ সমস্তিটোৰ প্ৰতিটো পৰিয়ালৰ দুৱাৰমুখত থিয় হৈ খবৰ লৈছে সমস্তিবাসীৰ ৷

পিছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ এনে সঘন সমষ্টি ভ্ৰমণে উদ্ৰেক ঘটাইছে বহু প্ৰশ্নৰ ৷ কিয়নো সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনী যুঁজৰ বাবে সাজু হ’বলৈ ৰণজিৎ দাসে সমষ্টিবাসীৰ ওচৰত থিয় হোৱা বুলিও একাংশই কব খোজে ৷ একাংশৰ মতে আকৌ এয়া নিৰ্বাচনী ৰণকৌশলহে ৷ সেয়া যি নহওঁক, নিৰ্বাচনৰ প্ৰাকক্ষণতহে জানিব পৰা যাব বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ মনৰ কথা ৷

লগতে চাওকঃ নিৰ্বাচনৰ সময়তহে ৰাজনৈতিক নেতাৰ খিলঞ্জীয়ালৈ মনত পৰে কিয়ঃ উপমন্যু হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.