ETV Bharat / state

কণী উৎপাদনেৰে বজালীক দ্বিতীয় অন্ধ্ৰলৈ সলনিৰ চেষ্টা ৰণজিৎ দাসৰ

author img

By

Published : Jul 11, 2021, 7:59 AM IST

বজালীক দ্বিতীয় অন্ধ্ৰপ্ৰদেশ ৰূপে গঢ় দিব মন্ত্ৰী তথা পাটাছাৰকুছিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷ শনিবাৰে বজালীত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এক ঋণ প্ৰদান অনুষ্ঠানত অংশ লৈ এই মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰীগৰাকীৰ ৷

ranjit-das-to-convert-bajali-as-second-andhra-pradesh
বজালীক দ্বিতীয় অন্ধ্ৰপ্ৰদেশ সাজিব ৰণজিত দাসে

পাঠশালা, 11 জুলাই : শনিবাৰে বজালী জিলাত ষ্টেট বেংক অৱ ইণ্ডিয়া(State bank of India)ই ক্লাষ্টাৰ ফাইনেঞ্চ(cluster finance) ঋণ প্ৰদান অনুষ্ঠানৰ যোগেদি এক লাখ এক হাজাৰ টকাকৈ 100 গৰাকী মহিলাক ঋণ প্ৰদান কৰে ৷ কুকুৰা পালন আৰু ৰঙচুৱা কণী উৎপাদনৰ(brown egg farming) বাবে এছজিবি অৰ্গেনিক ফাৰ্মৰ জৰিয়তে এই ঋণ প্ৰদান কৰা হয় মহিলা কেইগৰাকীক ৷ এই অনুষ্ঠানত উপস্থিত থাকে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(food and civil supply minister Ranjit Kumar Das) ৷

অনুষ্ঠানটোত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এই ঋণ প্ৰদান অনুষ্ঠানৰ শলাগ লয় ৷ ইয়াৰোপৰি মন্ত্ৰী দাসে মন্তব্য কৰে যে, কণী উৎপাদনৰ ক্ষেত্ৰত বজালী জিলাক দ্বিতীয় অন্ধ্ৰপ্ৰদেশ হিচাপে গঢ় দিয়াটো তেওঁৰ এক সপোন ৷ অন্ধ্ৰ প্ৰদেশত কণী উৎপাদনৰ জৰিয়তে বহুলোকে উৎপাদনৰ পথ বাছি লোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে ৷

কণী উৎপাদনেৰে বজালীক দ্বিতীয় অন্ধ্ৰলৈ সলনিৰ চেষ্টা ৰণজিৎ দাসৰ

এনে পৰিপ্ৰেক্ষিতত মন্ত্ৰী দাসৰ মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ ৰাজ্য চৰকাৰৰ এগৰাকী অন্যতম কেবিনেট মন্ত্ৰী হিচাপে দাসৰ এই মন্তব্যত মহিলাসকলৰ লগতে অঞ্চলটোৰ নিবনুৱাসকলৰ মাজতো আশাৰ সঞ্চাৰ হৈছে ৷ শনিবাৰৰ এই অনুষ্ঠানটোত এছবিআই-ৰ উত্তৰ-পূৱ সংমণ্ডলৰ মুখ্য প্ৰবন্ধক(Chief general manager SBI north east) আৰ এছ ৰমেশ, এছবিআইৰ উত্তৰ-পূৱ সংমণ্ডলৰ নেটৱৰ্ক ওৱানৰ মুখ্য প্ৰবন্ধক সুৰঞ্জনা দত্ত(SBI general manger network one North east) কে ধৰি কেবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকি মহিলাসকলক উৎসাহ প্ৰদান কৰে ।

লগতে পঢ়ক : অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.