ETV Bharat / state

৯৩ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে ৰঞ্জিত দাসে

author img

By

Published : Nov 29, 2020, 6:35 PM IST

কৰ’ণাৰ বাবে এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় ৯৩ সংখ্যক হাউলী ৰাস মহোৎসৱখনি ৷ দেওবাৰে মহোৎসৱৰ শুভাৰম্ভ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷

as_bar_howly_rash_vis_as10038
৯৩ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে ৰঞ্জিত দাসে

বৰেপটা,29 নৱেম্বৰঃ আজিৰ পৰা আৰম্ভ হ’ল নামনি অসমৰ ঐতিহ্যমণ্ডিত হাউলী ৰাস মহোৎসৱ ৷ কিন্তু কৰ’ণাৰ বাবে এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় ৯৩ সংখ্যক হাউলী ৰাস মহোৎসৱখনি ৷ দেওবাৰে মহোৎসৱৰ শুভাৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে বিটিচি নিৰ্বাচন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বিটিচিত নিশ্চিতভাৱে বিজেপিৰ নেতৃত্বতে চৰকাৰ গঠন হ’ব বুলি দাবী ৰণজিৎ কুমাৰ দাসৰ ৷ ইয়াৰ উপৰিও আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা নাথাকে বুলি সদৰি কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ অৱশ্যে অগপৰ সৈতে অব্যাহত থাকিব মিত্ৰতা ৷

অগপ আৰু বিপিএফৰ মাজত আকাশ পাতাল পাৰ্থক্য থকা বুলি মন্তব্য ৰঞ্জিত দাসৰ ৷ অগপই যিদৰে ৰাইজৰ মাজত কাম কৰি আছে ঠিক তেনেদৰে বিপিএফে ৰাইজৰ সহায় সহযোগৰ বাবে কাম কৰা নায় ৷ নিজৰ নামত থকা মাটিৰ খাজনাৰ সলনি বিটিচিৰ ৰাইজে জৰিমনা আদায় দিব লগা হৈছে ৷ বিটিচিত হোৱা বৈষম্য দূৰ কৰা আৰু অবড়ো গাঁওসমূহ কৰ্তনৰ বাবে কাম কৰিব বিজেপিয়ে ৷ পূৰ্বে বিপিএফৰ শাসনকালত বহু গাঁও অন্যায়ভাৱে বিটিচিত অন্তৰ্ভূক্ত কৰা হৈছিল ৷ ৰাজনৈতিক ষড়যন্ত্ৰ কৰি বৰপেটাৰ পূৰ্বৰ কংগ্ৰেছ সাংসদ ইছমাইল হুছেইন আৰু সৰভোগৰ বিধায়ক ছামচুল হকৰ বাবে বৰপেটাৰ বহু গাওঁ বিটিচিত অন্তৰ্ভূক্ত কৰা বুলিও তেখেতে মন্তব্য কৰে ৷ আনহাতে, অহা ৩ ডিচেম্বৰৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিচিৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত নামিব বুলি জনায় বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক-চিৰাঙত অচিনাক্ত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে নিৰ্বাচনী কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.