ETV Bharat / state

কা আন্দোলনে ভোটাৰৰ বিবেক জাগ্ৰত কৰিব: ৰণজিৎ দাস

author img

By

Published : Mar 21, 2021, 5:12 PM IST

বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত শনিবাৰে নিশা উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাস । সেৱাশ্ৰমত আশীষ লৈ নিজৰ লগতে দলৰ উন্নতিৰ হকে প্ৰাৰ্থনা ৰণজিৎ দাসৰ । সাংবাদিকৰ আগত মহাজোঁট সম্পৰ্কে আৰু কা আন্দোলন সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য ৰণজিৎ দাসৰ ।

কা আন্দোলনে ভোটাৰৰ বিবেক জাগ্ৰত কৰিব: ৰণজিৎ দাস
কা আন্দোলনে ভোটাৰৰ বিবেক জাগ্ৰত কৰিব: ৰণজিৎ দাস

বৰপেটা,২১ মাৰ্চ: বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত শনিবাৰে নিশা উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাস । কৃষ্ণগুৰু সেৱাশ্ৰমত সেৱা লৈ ৰণজিৎ কুমাৰ দাসৰ মন্তব্য মিত্ৰজোঁটৰ মিচন ১০০+ সফল হোৱাৰ কামনা কৰে ৷ নিৰ্বাচন সম্পৰ্কীয় কেইবাটাও বিষয়তো মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা নিৰ্বাচনী প্ৰাৰ্থী গৰাকীয়ে ।

নৱগঠিত বজালী জিলাৰ আন্তঃগাঁথনি উন্নয়ন কৰিবলৈ এগৰাকী শক্তিশালী প্ৰাৰ্থী দিয়াৰ উদ্দেশ্যেই তেওঁক দলে পাটাছাৰকুছিত প্ৰাৰ্থিত্ব প্ৰদান কৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে দাসে ।

"কা" আন্দোলন সন্দৰ্ভত তেওঁ কয় যে আন্দোলন হোৱা বাবে বিজেপিয়ে পঞ্চায়তত প্ৰথম হৈছে, লোকসভাত ৯ খন আসন পাইছে বুলি মন্তব্য কৰে । বৰ্তমান সময়ত আছুৰ উদ্যোগত হোৱা "কা" আন্দোলনে গা কৰি উঠা সন্দৰ্ভত ৰণজিৎ কুমাৰ দাসে কয় যে "কা" আন্দোলন হৈছে ভালেই হৈছে ৷ কিয়নো তেওঁৰ মতে এই আন্দোলনৰ দ্বাৰা বিবেক জাগ্ৰত হ'ব । যিমানেই "কা" আন্দোলন কৰিব সিমানেই বিবেক ভোট জাগৃত হ'ব বুলি মন্তব্য কৰে দাসে ।

কংগ্ৰেছ দলে বিজেপিক সাম্প্ৰদায়িক দল বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি তেওঁ কয় যে কংগ্ৰেছৰ দিনত সংখ্যালঘু লোকৰ ঘৰ জ্বলে, বিজেপিয়ে সংখ্যালঘু লোকৰ ঘৰ সাজি দিয়ে । যি সকল মুছলমান বিবেকবান লোক তেওঁলোকে বিজেপি নাইবা বিজেপিৰ মিত্ৰদলক ভোট দিব বুলিও মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে । সংখ্যালঘু লোকে মৌলবীৰ কথা মতে এতিয়া ভোট নিদিয়ে বুলিও দাবী কৰে ৰণজিৎ দাসে ।

মহাজোঁটৰ চৰকাৰ আহিলে বদৰুদ্দিন আজমলে এক ধাক্কাতে মাদ্ৰাছা খুলিব বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰণজিৎ দাসে কয় যে, মাদ্ৰাছা বন্ধ কৰিবলৈ বিজেপিয়ে দিয়া নাই । অসম চৰকাৰৰ টকাৰে যদি কোৰাণৰ শিক্ষা দিয়া হয় তেন্তে বাইবেল, ভাগৱত, গীতাৰ শিক্ষাও দিব লাগিব বুলি দাবী কৰে দাসে ৷

লগতে পঢ়ক: পৰোক্ষভাৱে মহাজোঁটৰ লগত এজেপি আৰু ৰাইজৰ দল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.