বৰপেটাৰোড, 27 জানুৱাৰীঃ সোমবাৰে বৰপেটাৰোডত আয়োজিত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে বড়ো শান্তি চুক্তিক উষ্ম আদৰণি জনায় ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে ৷ ৰাজনাথ সিঙ গৃহমন্ত্ৰী হৈ থকাৰ সময়তে অসমত এনডিএফবি ৰ বিৰুদ্ধে অল ক্লিয়াৰ অপাৰেচন চলাইছিল ৷ বৰ্তমান এন ডি এফ বিৰ চাৰিটা গোটে অস্ত্ৰ সম্বৰণ কৰিছে বুলি উল্লেখ কৰি আগন্তুক দিনত আৰু বাৰশ সন্ত্ৰাসবাদীয়ে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিব বুলি জনায় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷
এই চুক্তিৰ জৰিয়তে বড়ো কৃষ্টি সংস্কৃতি বিকাশৰ লগতে বড়ো সকলৰ আন্তঃগাথনি বিকাশ হ’ব বুলি উল্লেখ কৰি কয় অন্য জনগোষ্ঠীৰ মানুহেও এই চুক্তিকলৈ শংকিত হ’ব নালাগে বুলি কয় ৰণজিৎ কুমাৰ দাসে ৷ অসমৰ লগতে ভাৰতবৰ্ষৰ ভাৰতীয় হিচাপে বড়ো সকলে বসবাস কৰাৰ বাবে যি প্ৰস্তাৱ লৈছে তাৰবাবে বড়ো নেতৃত্বকো ৰণজিৎ কুমাৰ দাসে ধন্যবাদ জ্ঞাপন কৰে ৷ ইয়াৰোপৰি ভুমিহীন এক লাখ খিলঞ্জীয়া পৰিয়ালৰ ভিতৰত চল্লিছ হাজাৰ খিলঞ্জীয়া পৰিয়ালৰ লোকক ভূমি পাট্টা বিতৰণক কথাও ঘোষণা কৰে সভাপতি গৰাকীয়ে ৷