ETV Bharat / state

এলেংমাৰীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

author img

By

Published : Jun 18, 2022, 9:31 PM IST

Updated : Jun 18, 2022, 10:22 PM IST

যদি ভূটাৰ ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়া হয়, তেন্তে সম্পূৰ্ৰূপে জলমগ্ন হৈ পৰিব সমগ্ৰ নামনি অসম ৷ শনিবাৰে সৰভোগ সমষ্টিৰ অন্তৰ্গত তথা বাক্সা জিলাৰ এলেংমাৰীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ এই মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Kumar Dass in Baska)৷

Ranjeet Kumar Dass in Baska
এলেংমাৰীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

বৰপেটাৰোড, 18 জুন : ‘‘ভূটানৰ কুৰিশ্বু বান্ধে পানী এৰাৰ সম্ভাৱনা ৷ সংকটত এতিয়া নামনি অসম’’ ৷ শনিবাৰে সৰভোগ সমষ্টিৰ অন্তৰ্গত তথা বাক্সা জিলাৰ এলেংমাৰী অঞ্চলত বান পৰিদৰ্শন কৰিবলৈ গৈ এই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Kumar Dass visited Flood effected area of Baska) ৷

যদি ভূটানৰ পানীৰ প্ৰকোপত বেকী নৈৰ কাষৰ কিছু অংশ খহি যায়, তেন্তে 2004 চনতকৈও অধিক ভয়াৱহ ৰূপত বানপানী হোৱাৰ আশংকা কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ সেয়ে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক অৱগত কৰোৱাৰ কথাও জানিবলৈ দিয়ে ৷

লগতে তেওঁ কয়, ‘‘যদি ভূটানৰ কুৰিশ্বু বান্ধৰ পৰা পানী কম কমকৈ এৰে, তেন্তে হয়তো বেকী নৈৰ বহন ক্ষমতা একে থাকিব ৷ কিন্তু যদিহে বেকী নৈৰ বহন ক্ষমতাতকৈ বেছি পৰিমাণে কুৰিশ্বু বান্ধৰ পৰা পানী এৰি দিয়ে, তেন্তে বৰপেটা, বাক্সা, বজালী, চিৰাংকে ধৰি সমগ্ৰ নামনি অসমত যে বানে বিভিষিকাময় ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত’’ ।

লগতে পঢ়ক : গোৱালপাৰাত বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

বিগত বৰ্ষতো মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বানৰ সময়ত বাক্সাৰ এলেংমাৰী অঞ্চল পৰিদৰ্শন কৰি বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অস্থায়ীভাৱে কিছু কাম কৰিছিল বুলিও উল্লেখ কৰে ৷ কিন্তু বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বেকী নৈৰ এলেংমাৰীত স্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিভাগীয়ভাৱে নিবিদা লোৱা হৈছে ৷

Ranjeet Kumar Dass in Baska
বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

কিন্তু বৰ্তমানলৈকে উক্ত কামটোৰ মঞ্জুৰী দিয়া হোৱা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই বিষয়টো বি টি আৰৰ ই এম গৌতম দাসে চোৱাচিতা কৰিব বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তথ্য অনুসৰি, ইতিমধ্যে বাক্সাৰ এলেংমাৰী অঞ্চলৰ প্ৰায় 130 টা পৰিয়াল আৰু বালিপুৰৰ প্ৰায় 69 টা পৰিয়ালৰ লাব্দাংগুৰী অঞ্চলত আশ্ৰয় দিয়া হৈছে ৷

আনকি SDRF আৰু NDRF কো সতৰ্ক হৈ থাকিবলৈ প্ৰশাসন তথা চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে ৷ ভূটানৰ কুৰিশ্বু বান্ধৰ পৰা পানী এৰি দিয়াৰ পাচত হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ আৰু প্ৰশাসন সম্পূৰ্ণ সাজু হোৱা বুলি মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

শনিবাৰে মন্ত্ৰীগৰাকীয়ে বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বি টি আৰৰ ই এম গৌতম দাসো ৷

লগতে পঢ়ক : Flood in Assam 2022: দৰঙৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

Last Updated : Jun 18, 2022, 10:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.