ETV Bharat / state

PMAYৰ হিতাধিকাৰী নিৰ্বাচনত দুৰ্নীতি কৰিছিল কংগ্ৰেছে: ৰণজিৎ কুমাৰ দাস

PMAYৰ অধীনত হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়াত কংগ্ৰেছে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিৎ দাসৰ ৷ দেওবাৰে বৰপেটাত প্ৰধানমন্ত্ৰী আৱাস যোজনা (Pradhan Mantri Awas Yojana)ৰ অধীনত নিৰ্মিত গৃহ মুকলি কৰি মন্ত্ৰী দাসৰ এই অভিযোগ ৷ গৃহ মুকলি কৰি গ্ৰামাঞ্চলৰ দুখীয়া লোকৰ বাবে আৱণ্টিত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে ব্যাপক বিসংগতি কৰা বুলি মন্তব্য় মন্ত্ৰীগৰাকীৰ ৷

ranjeet kumar das inaugurated pmay house in barpeta
বৰপেটাত গৃহ মুকলি ৰণজিৎ কুমাৰ দাসৰ
author img

By

Published : Aug 1, 2021, 7:07 PM IST

বৰপেটা, 1 আগষ্ট : কংগ্ৰেছ(Congress) চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ(Pradhan Mantri Awas Yojana) নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ দেওবাৰে বৰপেটাত প্ৰধানমন্ত্ৰী আৱাস যোজনা (Pradhan Mantri Awas Yojana)ৰ অধীনত নিৰ্মিত এটা গৃহ মুকলি কৰাৰ সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Kumar Das) এই অভিযোগ উত্থাপন কৰে ৷ গৃহটো মুকলি কৰি 2011 চনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ (Tarun Gogoi) নেতৃত্বাধীন কংগ্ৰেছ (Congress) চৰকাৰৰ কাৰ্যকালত যুগুত কৰা হিতাধিকাৰী তালিকাত ব্যাপক বিসংগতি থকাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

বৰপেটাত গৃহ মুকলি ৰণজিৎ কুমাৰ দাসৰ

মন্ত্ৰী দাসে অভিযোগ কৰে যে, গ্ৰামাঞ্চলৰ দুখীয়া লোকৰ বাবে আৱণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হৈছিল ব্যাপক বিসংগতি ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি (BJP) চৰকাৰৰ দিনত যোগ্যজনে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে ৷ হিতাধিকাৰীৰ নামত পোনপটীয়াকৈ বেংক একাউণ্টযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ধন আৱণ্টনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Narendra Modi) গ্ৰহণ কৰা পদক্ষেপৰো শলাগ লয় মন্ত্ৰী দাসে ৷

হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ আৱণ্টিত ধন সোমোৱাৰ ফলত হিতাধিকাৰীসকল উপকৃত হৈছে আৰু নিজ গৃহটো সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

বৰপেটা জিলাৰ চহৰাঞ্চলৰ দুখীয়া লোকৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত জিলাখনৰ বৰপেটা, বৰপেটা ৰোড, হাউলী, সৰভোগ, পাঠশালা, পাটাছাৰকুছি আৰু সৰ্থেবাৰীসহ 7 খন নগৰৰ বাবে প্ৰায় 8 হাজাৰ 63 টা গৃহৰ আৱন্টন দিয়া হৈছিল ৷ চহৰাঞ্চলৰ দুখীয়া লোকসকলক গৃহ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2 লাখ টকাৰ অনুদান আগবঢ়ায় ৷

ইফালে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ পৰা চহৰাঞ্চলৰ দুখীয়া লোকসকলে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহসমূহৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ছয়গাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.